বৰপেটা,19 মাৰ্চ : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ শুকুৰবাৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷ বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ সমষ্টিটোত কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰিব প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে ৷
ইফালে মনোনয়ন দাখিলৰ পাচতে AIUDFৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ সমাজৰ নিপীড়িত বঞ্চিত লোকৰ সমস্যাসমূহ উপযুক্ত স্থানত উত্থাপন কৰি সমাধান কৰাৰ বাবে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ সমষ্টিটোৰ ৰাইজে পঠাব বুলি আশা প্ৰকাশ কৰে আশ্ৰাফুল হুছেইনে ৷
তেওঁ কয় যে, গৰাখহনীয়া, বিধস্ত বাট-পথ, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন সমস্যাৰে ভৰপূৰ চেঙা সমষ্টিটোত 20 বছৰে যিগৰাকী জনপ্ৰতিনিধিয়ে শাসনত অধিষ্ঠিত হৈ আছে, তেওঁৰ অকৰ্মন্যতা আৰু ব্যৰ্থতাৰ বাবে জনগণৰ দাবীত নিৰ্বাচনলৈ ওলাই আহিছে ৷
লগতে পঢ়ক : মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা