ETV Bharat / state

বৰপেটাত ১৪৩০ ছাত্ৰীক স্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - প্ৰজ্ঞান ভাৰতী আঁচনি

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বৰপেটা জিলাৰ ১৪৩০ ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী প্ৰদান ৷ এই অনুষ্ঠানতে পৰিবহণ বিভাগে ছাত্ৰীসকলক প্ৰদান কৰিলে বিনামূলীয়া হেলমেট ৷

স্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰস্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
স্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
author img

By

Published : Jan 2, 2021, 5:02 PM IST

বৰপেটা, ২ জানুৱাৰী: ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বৰপেটা জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ১৪৩০ গৰাকী ছাত্ৰীৰ মাজত শনিবাৰে স্কুটী বিতৰণ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কৃতী ছাত্ৰীসকলক বিতৰণ কৰিলে ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ আনহাতে শিক্ষা বিভাগে ছাত্ৰীসকলক স্কুটী প্ৰদানৰ সমান্তৰালকৈ উক্ত অনুষ্ঠানতে বৰপেটা জিলা পৰিবহণ বিভাগে ছাত্ৰীসকলক একোটাকৈ বিনামূলীয়াভাৱে হেলমেট বিতৰণ কৰে ৷ বৰপেটাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ তৎপৰতাত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্কুটী বিতৰণৰ লগতে হেলমেট বিতৰণ কৰে ৷

বৰপেটাত ১৪৩০ ছাত্ৰীক স্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

আনহাতে বৰপেটা পৰিবহণ বিভাগে ছাত্ৰীসকলৰ ড্ৰাইভিং লাইচেঞ্চৰ প্ৰস্তুতৰ ক্ষেত্ৰতো বিশেষ সহযোগিতা আগবঢ়াব বুলি পৰিবহণ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মেধাৱী ছাত্ৰীসকলক লগ পাই অতিকৈ সুখী হোৱা বুলি মন্তব্য কৰে ৷

ইপিনে সাংবাদিকৰে হোৱা সাক্ষাৎ কালত চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ২১ৰ নিৰ্বাচনক লৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সম্পৰ্কত কয়, যিবোৰ দল কেতিয়াও শাসনলৈ আহিব নোৱাৰে সেই দলবোৰে প্ৰতিশ্ৰুতি দিয়েই ৷ আনকি কংগ্ৰেছ দল ২১ৰ নিৰ্বাচনৰ লগতে পৰৱৰ্তী নিৰ্বাচনতো ক্ষমতালৈ অহাৰ আশা নাই বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে এজেপি আৰু ৰাইজৰ দল সম্পৰ্কত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ ৩৫ বছৰীয়া ৰাজনৈতিক অভিজ্ঞতাৰ ভিত্তিত আজিৰ তাৰিখলৈকে অসমৰ ৰাইজ সমৰ্থন বিজেপি মিত্ৰজোঁটৰ প্ৰতি থকা বুলি মন্তব্য কৰে ৷ কোন দলৰ কিমান গ্ৰহণযোগ্যতা আছে সেয়া অসমৰ ৰাইজে নিৰ্বাচনত প্ৰমাণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ লগতে তেওঁ কয়, বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত নমা নাই আৰু যোৱা নিৰ্বাচনত প্ৰদান কৰা প্ৰায় সকলো প্ৰতিশ্ৰুতি পালন কৰিছে ৷ ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে ৰাজ্যৰ ব্যাপক উন্নয়ন সাধন কৰা বুলিও মন্তব্য কৰি, যোৱা নিৰ্বাচনতকৈ ২১ৰ নিৰ্বাচনত অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি সদৰী কৰে ৷

লগতে পঢ়ক: নিজে উপবাসে থাকি পথৰ কুকুৰক খাদ্য যোগান ধৰা এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.