ETV Bharat / state

মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয় লুৰিণৰ: ৰামেশ্বৰ তেলী

author img

By

Published : Feb 25, 2021, 8:45 AM IST

বুধবাৰে বৰপেটাত অনুষ্ঠিত কৃষাণ সম্পদ যোজনা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলীয়ে এইবাৰ কটাক্ষ্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৷

মুখ্যমন্ত্ৰী হোৱাৰ সপোন পুৰ নহয় লুৰিণৰঃ ৰামেশ্বৰ তেলী

বৰপেটা,25 ফেব্ৰুৱাৰী: ৰাজ্যত এতিয়া নিৰ্বাচনী ঢৌ তুংগত উঠিছে ৷ চাৰিওফালে বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ সমানে চলিছে ৰাজনৈতিক নেতাৰ তীব্ৰ বাক্যবাণ ৷ বুধবাৰে বৰপেটাত অনুষ্ঠিত কৃষাণ সম্পদ যোজনা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলীয়ে কটাক্ষ্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ৷

মুখ্যমন্ত্ৰী হোৱাৰ সপোন পুৰ নহয় লুৰিণজ্যোতি গগৈৰঃ ৰামেশ্বৰ তেলী
কৃষাণ সম্পদ যোজনা অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

আগন্তুক 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিলে জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলীয়ে ৷ ‘‘লুৰিণজ্যোতি গগৈ ৰাজনীতিৰ কিমান ভিতৰলৈ সোমাব পাৰিছে মই নাজানো ৷ মানুহে মুখ্যমন্ত্ৰী-বিধায়ক হোৱাৰ সপোন দেখেই ৷ কিন্তু সকলোৰে সপোন সফল নহয় ৷ লুৰিণজ্যোতিৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব ৷ আছুত থকা সময়ত ৰাইজে তেওঁক যি দৃষ্টিৰে চাইছিল, ৰাজনীতিত অহাৰ পাছত সেই দৃষ্টিৰে নাচায়’’- এই বুলি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীক কটাক্ষ্য কৰিলে জ্যেষ্ঠ বিজেপি নেতা গৰাকীয়ে ৷

আনহাতে, সমাজৰ বাবে কাম কৰিবৰ বাবে চৰকাৰ বিজেপিক লাগিবই ৷ নিৰ্বাচনী প্ৰতিযোগিতাত নামিবলৈ টিকট বিচৰাটো স্বাভাৱিক, গণতন্ত্ৰত টিকট বিচৰাৰ অধিকাৰ আছে ৷ টিকট নাপাই যদি কোনোবা অসন্তুষ্ট হয় তেন্তে তেওঁলোকক বুজাবলৈ চেষ্টা কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী হোৱাৰ সপোন পুৰ নহয় লুৰিণজ্যোতি গগৈৰ: ৰামেশ্বৰ তেলী

মঙলবাৰে জীতেন্দ্ৰ সিঙৰ সৈতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাস, কুইন ওজা, দিলীপ শইকীয়া, ফণী শৰ্মা আদি মিলিত হৈছিল এক আলোচনাত ৷ এই আলোচনাত স্থান পাইছিল আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়টোৱে ৷ কিন্তু নিৰ্বাচনী কমিটিৰ সদস্য হিচাপে কোন কোন বিধায়ক বা কোন কোন ৰাজনৈতিক নেতাই এইবাৰ টিকট পাব, সেই বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তেলীয়ে ৷

লগতে পঢ়কঃ বটদ্ৰৱাত আবতৰীয়া দীপাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.