ETV Bharat / state

কলগাছিয়াত বিঘাই বিঘাই কৰিছে ভাং খেতি

কলগাছিয়াত আৰক্ষীৰ বিৰুদ্ধে অবৈধ ভাং ব্যৱসায়ীৰ লগত সম্পৰ্ক থকাৰ লগতে,বৃহৎ পৰিমাণৰ টকাৰ লেন দেনেৰে অবৈধ তীৰ, জুৱা খেল চলাই অহাৰো অভিযোগ আমছুৰ ৷

author img

By

Published : Jan 9, 2020, 9:37 AM IST

বিঘাই বিঘাই ভাং খেতি
বিঘাই বিঘাই ভাং খেতি

কলগাছিয়া, 9 জানুৱাৰী: কলগাছিয়াৰ চিকনী,সাওঁৰাচৰা,জাউৰিমাৰী,মুহিয়া আৰু ক্ষুদ্ৰখোৱা আদি গাঁৱত পৰিলক্ষিত হৈছে বিঘাই বিঘাই ভাং খেতি ৷ অবৈধ ভাং ব্যৱসায়ীৰ লগত আৰক্ষীৰ সম্পৰ্ক থকাৰ অভিযোগ আমছুৰ ৷ তদুপৰি কলগাছিয়া,বামুনটাৰী,খৰিচালা,লাচাংগা,গুনিয়ালগুৰি,ৰামপুৰ আদি ঠাইত,আৰক্ষীয়ে বৃহৎ পৰিমাণৰ টকাৰ লেন দেনেৰে অবৈধ তীৰ,জুৱা খেল আদিও চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলত সম্প্ৰতি অবৈধ তীৰ,জুৱা আৰু ভাঙত একাংশ উঠি অহা যুৱ প্ৰজন্ম আসক্ত হোৱা দেখা গৈছে ৷

কলগাছিয়াৰ একাংশ অঞ্চলত বিঘাই বিঘাই ভাং খেতি

ইতিমধ্যে,আমছু কৰ্মী ইউনুছ আলীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত আৰক্ষীয়ে অবৈধ ব্যবসায়ীসকলক সক্ৰিয় সহযোগ আগবঢ়াই অহাৰ অভিযোগ উত্থাপন কৰাৰ লগতে,কলগাছিয়াৰ অলিয়ে-গলিয়ে চলি থকা তিৰ-জুৱা খেল বন্ধ কৰিবলৈ আমছুৰ কৰ্মকৰ্তা সকলে দাখিল কৰা অভিযোগ পত্ৰ গ্ৰহণ নকৰাৰো আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত অতি শীঘ্ৰেই প্ৰশাসনক বিহীত ব্যৱস্থা ল'বলৈ দাৱী জনাইছে আমছুৱে ৷

লগতে পঢ়ক : ডিমা হাচাওত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাঁফিলতি

Intro:slug: as_jania_9jan_kalgachia_bhang_kheti_vis2+byt1+pho1_spl_story_asc10058

Anchor: কলগাছিয়াৰ চিকনী গাঁৱত আৰক্ষীৰ চকুৰ আগতেই বিঘাই বিঘাই ভাং খেতি। অবৈধ ভাং ব্যৱসায়ীৰ লগত আৰক্ষী মধুৰ সম্পৰ্ক থকাৰ অভিযোগ আমছুৰ। গাঁৱলীয়া চ'ক-বজাৰ সমূহতো গা-কৰি উঠিছে সমাজৰ ব্যাধি স্বৰূপ তীৰ আৰু জুৱা খেলৰ আড্ডা। অসামাজিক কামৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ নকৰে অভিযোগ। এই সন্দৰ্ভত চাওক আমাৰ এক ৰিপোৰ্ট -Body:slug: as_jania_9jan_kalgachia_bhang_kheti_vis2+byt1+pho1_spl_story_asc10058

V.O: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চিকনী, সাওঁৰাচৰা, জাউৰিমাৰী, মুহিয়া আৰু ক্ষুদ্ৰখোৱা আদি গাঁৱত স্বয়ং আৰক্ষীৰ চকুৰ আগতেই গা-কৰি উঠিছে বিঘাই বিঘাই নিষিদ্ধ ভাং খেতি। আনহাতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ টকাৰ লেন দেনত কলগাছিয়া, বামুনটাৰী, খৰিচালা, লাচাংগা, গুনিয়ালগুৰি, ৰামপুৰ আদি চ'ক-বজাৰ সমূহত চলাই আহিছে সমাজৰ ব্যাধি স্বৰূপ তীৰ আৰু জুৱা খেল। সম্প্ৰতি এই অবৈধ তীৰ, জুৱা আৰু ভাঙত উঠি অহা যুৱ প্ৰজন্মৰ লগতে একাংশ ছাত্ৰকো আসক্ত হোৱা দেখা গৈছে। বৰভিটা আৰক্ষীৰ চকুৰ আগতে এনে সমাজধ্বংসী ব্যৱসায় চলি থকালৈ লক্ষ্য কৰি, বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত আৰক্ষীয়ে অবৈধ ব্যবসায়ী সকলক সক্ৰীয় সহযোগ আগবঢ়াই আহিছে বুলি আমছু কৰ্মী ইউনুচ আলীয়ে অভিযোগ উত্থাপন কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ভাং খেতি উচ্ছেদ আৰু কলগাছিয়াৰ এলেকাধীন বিভিন্ন বজাৰৰ অলিয়ে-গলিয়ে চলি থকা তিৰ-জুৱা খেল বন্ধ কৰিবলৈ আমছুৰ কৰ্মকৰ্তা সকলে দাখিল কৰিব বিচৰা অভিযোগ পত্ৰও গ্ৰহণ নকৰাৰ উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ। ফলত চৰজমিন তদন্তমূলে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবী জনাইছে আমছুৱে।

Special Package storyConclusion:slug: as_jania_9jan_kalgachia_bhang_kheti_vis2+byt1+pho1_spl_story_asc10058

Byte: আমছু কৰ্মীৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.