ETV Bharat / state

কলগাছিয়াত ধনৰ বিনিময়ত ফলাফল বিসংগতিৰ অভিযোগ পৰীক্ষাৰ্থীৰ - মেট্ৰিকৰ ফলাফল 2021

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে কলগাছিয়াৰ পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আৰু কাৰ্যালয় সহায়ক গৰাকীয়ে মিলি ধনৰ বিনিময়ত ফলাফলত বিসংগতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷

candidates-allege-anomalies-in-hslc-result-at-kalgachia
কলগাছিয়াত ধনৰ বিনিময়ত ফলাফল বিসংগতিৰ অভিযোগ পৰীক্ষাৰ্থীৰ
author img

By

Published : Jul 31, 2021, 7:04 AM IST

জনীয়া, 31 জুলাই : বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত শুকুৰবাৰে ছেবা (SEBA) ই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷ ফলাফলক লৈ সমগ্ৰ ৰাজ্যতে আনন্দময় পৰিৱেশে বিৰাজ কৰাৰ মাজতে ঠায়ে ঠায়ে টকাৰ বিনিময়ত পৰীক্ষাৰ ফলাফলত বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ এনেধৰণৰ এক অভিযোগেৰে শুকুৰবাৰে ফলাফল ঘোষণাৰ পাছতে কলগাছিয়াৰ পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

কলগাছিয়াত ধনৰ বিনিময়ত ফলাফল বিসংগতিৰ অভিযোগ পৰীক্ষাৰ্থীৰ

উল্লেখযোগ্য যে, বৰপেটা জিলা শিক্ষা পৰিমণ্ডলৰ অন্তৰ্গত তথা ছেবাৰ অধীনস্থ "পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুল"ৰ প্ৰধান শিক্ষক তহিদুৰ ৰহমান আৰু কাৰ্যালয় সহায়ক কাবেল খানে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি ফলাফল বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ৷ দুয়ো মিলি একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি পৰীক্ষাৰ ফলাফল উন্নত কৰাৰ বিপৰীতে টকা নিদিয়া ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল নিম্নমানৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থী সকলে ৷ ঘটনাৰ উচিত তদন্তৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে ক্ষোভিত ছাত্ৰ-ছাত্ৰী সকলে ৷

আনহাতে, পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুলৰ অধীনতে "পাব্লিক একাডেমি,জনতা"ৰ ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্টেচন কৰিছিল যদিও টকা নিদিয়াৰ বাবেই পক্ষপাতিত্ব কৰি একাডেমিৰ ছাত্ৰ ছাত্ৰীক কমকৈ নম্বৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ ইয়াকে লৈ পশ্চিম বালিকুৰি হাইস্কুলৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰ ক্ষোভিত ছাত্ৰ-ছাত্ৰী সকলে ৷

ইফালে প্ৰতিবাদৰ অন্তত বিষয়টো তদন্ত কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰু দুৰ্নীতিগ্ৰস্থ শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে প্ৰাপ্ত নম্বৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰা ছাত্ৰ-ছাত্ৰীসকলে ৷ উচিত তদন্ত কৰিলেই ফলাফলৰ ক্ষেত্ৰত সংঘটিত হোৱা বিসংগতি পোহৰলৈ আহিব বুলি দাবী কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ নপতা মেট্ৰিকৰ ফলাফল ঘোষণা : উৰ্ত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.