ETV Bharat / state

বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ - বৰপেটা কেঞ্চাৰ হাস্পতাল

মুকলিৰ এদিনৰ পাচতেই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হ’ল বৰপেটা কেঞ্চাৰ হাস্পতালৰ বৰ্হিঃবিভাগৰ কাম (PM Modi virtually launched cancer Hospital in Barpeta) ৷ পুৱাই বৰপেটাৰ উপায়ুক্ত গৰাকী আৰু বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষগৰাকীৰ লগতে অধীক্ষক আৰু কেইবাগৰাকীও ব্যক্তিয়ে মুকলি কৰে হাস্পতালখনৰ কাম-কাজ ৷ আনকি পুৱাই কেইবাগৰাকীও কৰ্কট আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ বাবে উপস্থিত হোৱা পৰিলক্ষিত হয় বৰপেটা কেন্সাৰ হাস্পতালত ৷

বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ

author img

By

Published : Apr 29, 2022, 1:41 PM IST

Updated : Apr 29, 2022, 1:54 PM IST

বৰপেটা, 29 এপ্ৰিল : আজি অৰ্থাৎ বৃহস্পতিবাৰে বৰপেটা কেঞ্চাৰ হাস্পতালত আৰম্ভ কৰা হ’ল বৰ্হিঃবিভাগৰ কাম (Cancer treatment started at Barpeta Cancer Hospital)৷ পুৱাই 50 গৰাকী কৰ্কট আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ বাবে উপস্থিত হৈছে বৰপেটা কেন্সাৰ হাস্পতালত ৷ ইফালে পুৱাই বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে অধীক্ষক আৰু কেইবাগৰাকীও ব্যক্তি উপস্থিত হৈ মুকলি কৰে হাস্পতালখনৰ কাম-কাজ ৷

উল্লেখ্য যে, বৰপেটা, নলবাৰী, বাক্সা, বঙাইগাঁৱকে ধৰি নামনিৰ 7 খন জিলাৰ ৰোগীয়ে বৰপেটা কেঞ্চাৰ হাস্পতালত চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷ পূৰ্বে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকসকল যিদৰে সমস্যাৰ সন্মুখীন হৈছিল, সেয়া এই হাস্পতালখনে লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰিছে বৰপেটা জিলা উপাযুক্ত গৰাকীয়ে ৷

বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ
বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ

সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয়মানৰ আৰু উন্নত সা-সুবিধাযুক্ত হাস্পতালখনত ৰোগীয়ে কেম’থেৰাপিৰ (Chemotherapy) আৰু ৰেডিয়েছন(Radiation) আদিৰ সুবিধা লাভ কৰিব ৷ ইতিমধ্যে সকলো ধৰণৰ উন্নত মানৰ আৰু আধুনিক যন্ত্ৰপাতি স্থাপন কৰা হৈছে আৰু লেব'ৰেটৰী সমূহৰ কামো আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰে বৰপেটা কেঞ্চাৰ হাস্পতালৰ অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : মঙলদৈতো মুকলি হ’ল কেঞ্চাৰ চিকিৎসালয়

আনহাতে, বৰপেটাত ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱা কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নৱ-নিৰ্মিত হাস্পতালখনে ৰোগী আৰু ৰোগীৰ পৰিয়ালক সকাহ দিয়াৰ লগতে আৰম্ভনিতেই ৰোগ ধৰা পেলোৱাত সহায়ক হ’ব বুলিও আশা কৰিছে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষগৰাকীয়ে ৷

বৰপেটা কেন্সাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ

লগতে তেওঁ কয় যে, উত্তৰ পূৱৰ ভিতৰত বৰপেটা জিলাৰ কৰ্কট ৰোগে ভয়াৱহ ৰূপ লৈছে ৷ যি সময়ত উত্তৰ পূৱৰ আন ৰাজ্য সমূহত প্ৰতি 1 লাখ লোকৰ বিপৰীতে কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 90 গৰাকী ৷ তেনে ক্ষেত্ৰত বৰপেটাত এই সংখ্যা প্ৰতি 1 লাখত 200 গৰাকী ৷

বৰপেটা জিলাখনৰ বাবে এয়া নিশ্চয়কৈ আহি থকা সময়ৰ বাবে এক অশনি সংকেত ৷ নৱ-নিৰ্মিত হাস্পতালখনে এইক্ষেত্ৰত নিশ্চয়কৈ জিলাখনৰ লগতে ৰোগীসকলকো সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : বৰপেটাত একলাখ লোকৰ ভিতৰত ২০০ গৰাকী আক্ৰান্ত কৰ্কটত

Last Updated : Apr 29, 2022, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.