ETV Bharat / state

সহায়ৰ বাবে কাতৰ আহ্বান কৰ্কট ৰোগত আক্ৰান্ত কণমানি নয়নৰ - লকডাউন

"মোৰ জীয়াই থাকিবলৈ ইচ্ছা আছে, মৰিবলৈ মন নাই । ৰাইজ আপোনালোকে মোক সহায় কৰক" । এয়া চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি থকা কৰ্কট ৰোগত আক্ৰান্ত বজালীৰ নয়ন ৰয় নামৰ এটি কণমানিৰ কাতৰ আহ্বান । পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিলে মাতৃয়েও ।

as_Pathsala_01_A_little_boy_suffering_from_cancer_img_AS10080
সহায়ৰ বাবে কাতৰ আহ্বান কৰ্কট ৰোগত আক্ৰান্ত কণমানি নয়নৰ
author img

By

Published : May 28, 2021, 10:37 PM IST

পাঠশালা, ২৮ মে': চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে কণমানি পুত্ৰই । পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন যোগাৰ কৰিব নোৱাৰি অসহায় হৈ পৰিছে পিতৃ-মাতৃ । বজালী জিলাৰ শিঙিমাৰী গাঁৱৰ কৃষ্ণ ৰয় আৰু বীণা ৰয়ৰ একমাত্ৰ পুত্ৰ নয়ন ৰয় কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে ।

বিগত বৰ্ষতে লকডাউনৰ সময়তে অসুস্থ হৈ পৰিছিল নয়ন ৰয় । তেতিয়াৰে পৰা নয়নৰ চিকিৎসা চলি আছিল যদিও অৱশেষত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আৰ্থিক দুৰৱস্থাৰ বাবে এতিয়া কণমানি পুত্ৰৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই পৰিয়ালটোৱে ।

সহায়ৰ বাবে কাতৰ আহ্বান কৰ্কট ৰোগত আক্ৰান্ত কণমানি নয়নৰ

ইফালে, নয়নেও চিকিৎসালয়ৰ বিচনাৰ পৰাই ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছে । জীয়াই থকাৰ হেঁপাহ আছে বুলি কৈ ৰাইজৰ পৰা সহায় বিচাৰিছে কণমানি নয়নে । নয়নৰ পিতৃয়ে দিন-হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল । এতিয়া পুত্ৰৰ দুৰাৰোগ্য অসুখ বিষয়ে জানিব পাৰি দুখত ভাগি পৰিছে পৰিয়ালটো । উপায়হীন হৈ পুত্ৰৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি চৰকাৰৰ লগতে ৰাইজৰ ওচৰত আহ্বান জনাইছে নয়নৰ মাতৃ ।

আনহাতে, দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ অনুৰোধ জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰে । নয়নৰ মাতৃ বীণা ৰয়ৰ ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নম্বৰ-35956552376 আৰু IFSC Code-SBIN0002099ত আৰ্থিক সহায় আগবঢ়াৱলৈ বিনম্ৰভাৱে আহ্বান জনাইছে পৰিয়ালটোৱে ।

লগতে পঢ়ক:জোনাইৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ভূৱন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.