ETV Bharat / state

বিজ্ঞান শাখাত ৮৮.৮ শতাংশ নম্বৰ লাভ কৰা বিতোপন নাথৰ চিকিৎসক হোৱাৰ সপোন পূৰ হ'বনে ?

author img

By

Published : Jun 27, 2022, 6:48 PM IST

বিজ্ঞান শাখাত ৮৮.৮ শতাংশ নম্বৰ লাভ কৰি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা টপাৰ হিচাপে উত্তীৰ্ণ বিতোপন নাথ । জটিল ৰোগত আক্ৰান্ত ছাত্ৰগৰাকীয়ে বিচাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা ৰাইজৰ সহায় ৷

cancer-patient-bitupan-nath-passed-in-science-stream
বিজ্ঞান শাখাত ৮৮.৮ শতাংশ নম্বৰ লাভ কৰা বিতোপন নাথৰ চিকিৎসক হোৱাৰ সপোন পূৰ হ'বনে ?

বৰপেটা, 27 জুন : সোমবাৰে ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam Higher Secondary result 2022) ৷ ফলাফল ঘোষণা হোৱাৰ পিছতে শিক্ষানুষ্ঠানসমূহত এক আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হয়(Bitupan Nath got 88.8 percentage in Science stream) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷

কিন্তু তাৰ মাজতে যেন অমানিশা নামি আহিল এজন মেধাৱী ছাত্ৰৰ জীৱনলৈ ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৮.৮ শতাংশ নম্বৰ লাভ কৰি টপাৰ হিচাপে উত্তীৰ্ণ হৈ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ বিতোপন নাথে ৷ কিন্তু বিতোপনৰ এই সাফল্যৰ পিছতো সুখী নহয় পিতৃ-মাতৃ ৷

সম্প্ৰতি GMCHৰ বিছনাত জীৱনৰ সৈতে যুঁজ দিছে বিতোপন নাথে ৷ কাৰণ জটিল ৰোগত আক্ৰান্ত ছাত্ৰগৰাকী ৷ অতিকে দুখ আৰু বেদনাৰ কথা যে জীৱনৰ আনন্দপূৰ্ণ এই দিনটোত বিতোপন নাথে জীৱনৰ সৈতে যুঁজ দিবলগীয়া হৈছে ৷ চেন্নাইৰ পৰা অৰ্থৰ অভাৱত ঘূৰাই আনিবলগা হোৱা বিতোপনক এতিয়া GMCHতে কেম' প্ৰদান কৰি থকা হৈছে ৷

হাস্পতালৰ বিছনাতে ছাত্ৰজনৰ সৈতে কথা পাতিছিল পিতৃয়ে ৷ তেতিয়াও নিজৰ সপোনৰ কথাই কৈছিল মেধাৱী ছাত্ৰজনে ৷ কৈছিল ভৱিষ্যতে চিকিৎসক হৈ মানুহক সেৱা কৰাৰ সপোনৰ কথা (Cancer patient student Bitopan Nath)৷

পিছে ছাত্ৰজনক চেন্নাইলৈ চিকিৎসাৰ বাবে নিয়াৰ বাবে পৰিয়ালটোক এতিয়া ৪০ লাখ টকাৰ প্ৰয়োজন ৷ সেয়ে অভাৱী পৰিয়ালটোৱে চৰকাৰ, ৰাইজ, দল সংগঠন, শুভাকাংক্ষী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে আৰ্থিক সহায় ৷

যদি কোনো সদাশয় ব্যক্তিয়ে এই মেধাৱী ছাত্ৰগৰাকীলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে Biraja Nath (Mother of Sri Bitopan Nath) SBI Account No 39522695456 /IFSC- SBIN0000028 ত সহায় আগবঢ়াব পাৰিব ৷

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত আশানুৰূপ ফলাফলত ব্যৰ্থ গুৱাহাটীৰ শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.