বৰপেটাৰোড, 24 ডিচেম্বৰ : কেম্পাচ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌফ শ্বৰীফক ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ’কেম্পাচ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰে ৷ বাক্সাৰ কালপানী বজাৰত সম্বোধন কৰা সংবাদমেলখনত কেম্পাচ ফ্ৰন্ট অফ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি জাহিদুল ইছলামে অভিযোগ উত্থাপন কৰি কয় যে, CAA-NRC ৰ বিৰুদ্ধে আন্দোলন কৰা বাবেই কেম্পাচ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ নেতৃত্বক লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে ।
CAA অন্দোলনৰ সমান্তৰালকৈ যিসকল নেতাই নাগৰিকত্ব সংশোধনী আইনক বিৰোধিতা কৰিছে তেওঁলোকক ভয় দেখুৱাটো BJP চৰকাৰৰ এক প্ৰয়াস বুলি অভিযোগ তোলে ছাত্ৰ নেতাজনে । সভাপতি গৰাকীয়ে লগতে কয় যে, নৰেন্দ্ৰ মোদীৰ দৰে অশিক্ষিত মানুহে দেশ চলাইছে ৷ আমাৰ দেশত শিক্ষিত মানুহ বহুত আছে দেশ চলাবলৈ ৷ তাৰোপৰি চৰকাৰী বিষয়াবোৰক RSS য়ে পুতলাৰ দৰে ব্যৱহাৰ কৰি আহিছে বুলিও কেম্পাচ ফ্ৰন্ট অফ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি জাহিদুল ইছলামে সংবাদ মেলত মন্তব্য কৰে ৷ সংবাদমেলখনত কেম্পাচ ফ্ৰন্ট অফ ইণ্ডিয়াৰ সম্পাদক ৰৌফ শ্বৰীফক মুক্তি নিদিয়া পৰ্যন্ত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ ৰাজ্যিক সমিতিয়ে ৷
লগতে পঢ়ক : ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ সাংস্কৃতিক অনুষ্ঠান