ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ

author img

By

Published : Dec 29, 2019, 10:40 PM IST

বৰপেটাৰ সাংসদ আব্দুল খালেকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বিতৰ্কিত আইনখনে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাত আঘাত হনাৰ কথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া
কলগাছিয়াত উপস্থিত সাংসদ আব্দুল খালেক

জনিয়া,29 ডিচেম্বৰঃ অৱশেষত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেওবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ বিতৰ্কিত আইনখনে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাত আঘাত হনাৰ কথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷ লগতে সংসদতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ব্যক্ত কৰে খালেকে ৷

কলগাছিয়াত উপস্থিত সাংসদ খালেক

শাসনাধিষ্ঠ বিজেপি দলক তীব্ৰ সমালোচনা কৰি সাংসদ গৰাকীয়ে 2021ত ৰাইজে বিজেপিক বৰ্জন কৰিব বুলিও কয় ৷ পোনতে চৰকাৰে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ লগতে ভূমি নীতি নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ ইফালে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে সাংসদ খালেকে ৷ কলগাছিয়াত দেওবাৰে উপস্থিত হৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আব্দুল খালেকে ৷

লগতে চাওকঃমহানগৰীত শিশু নিৰ্যাতনঃ গ্ৰেপ্তাৰ এক

Intro:slug: as_jania_29dec_caa_reaction_mp_abdul_khaleque_byt1_story_aac10058Body:slug: as_jania_29dec_caa_reaction_mp_abdul_khaleque_byt1_story_aac10058

V.O: 'কা' বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাৰ সাংসদ আব্দুল খালেকৰ | কা আমি নামানো, সংসদৰ ভিতৰে বাহিৰে প্ৰতিবাদ কৰিছো | এই আইনে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক নাইকীয়া কৰিব, এই আইনে বাংলাদেশৰ ইছলামিয় মৌলবাদী সংগঠনক উতসাহিত কৰিব, ভাৰতীয় সভ্যতা-সংস্কৃতি ধ্বংস কৰিব, এই আইনে পাকিস্থান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘূ সকলৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিব | ভাৰাতীয়া মানুহ আনি শান্তি সমদল কৰে বিজেপিয়ে, বিজেপি মিছলিয়াৰ দল, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোডী তেওলোকে পাগলৰ প্ৰলাব বকে, অহা ২০২১ চনত বিজেপিক ৰাইজে লুইতত বিসৰ্জন দিব বুলি ঘোষনা কৰে আব্দুল খালেকে | প্ৰথমে খীলঞ্জিয়াৰ সঙ্গা নিৰুপন কৰক তাৰ পিছত ভূমি নীতি কৰক, খীলঞ্জিয়াৰ সংঘা ১২০৬ খ্ৰীষ্টাব্দ হলে মোৰ আপত্তি নাই | এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰ ফেচিবাদী চৰকাৰ, স্বৈৰাচাৰী চৰকাৰ বুলি কোৱাৰ লগতে অহা ২০২১ চনত সকলো দলে মিলি জালুকবাৰীত উমৈহতীয়া প্ৰাৰ্থী দিব লাগে যিজনে হিমন্ত বিশ্ব শৰ্মাৰ আমানতৰ ধন বাজেয়াপ্ত কৰিব | লগতে তেও অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে | আজি কলগাছিয়াত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খালেকে |Conclusion:slug: as_jania_29dec_caa_reaction_mp_abdul_khaleque_byt1_story_aac10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.