ETV Bharat / state

কৰ'ণাৰ আতংকৰ মাজতে কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছে এখন বাছ

কৰ'ণা আতংকত এতিয়া সন্ত্ৰস্ত হৈ পৰিছে সমগ্ৰ বিশ্বৰ লগতে অসমো । কৰ'ণাৰ আতংকৰ মাজতে দেওবাৰে কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছে এখন বাছ । প্ৰায় 50 গৰাকী যাত্ৰী লৈ কেৰেলাৰ পৰা আহিছে বাছখন ।

author img

By

Published : Mar 22, 2020, 3:11 PM IST

BUS FROM KERALA TO GHY
কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছে এখন বাছ

বৰপেটা ২২ মাৰ্চ : চাৰিদিন পূৰ্বে কেৰালাৰ পৰা যাত্ৰা কৰিছিল বাছখন । KL 74- A3096 নম্বৰৰ বাছখনত মৰিগাঁও জিলাৰ জাগিৰোড, মৈৰাবাৰী আৰু বৰপেটা জিলাৰ ৰৌমাৰীৰ যাত্ৰী থকা বুলি জানিব পৰা গৈছে । কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যাত্ৰীসকল । বৰ্তমান নলবাৰী জিলাৰ দৌলাশালত ৰৌমাৰীৰ যাত্ৰীসকল কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ বাছৰ পৰা নামিব বিচৰাত সচেতন লোকসকলে বাধা প্ৰদান কৰে । ইতিমধ্যে চেঙা ৰাজহ চক্ৰ বিষয়া আৰু দৌলাশাল আৰক্ষীক বিষয়টো অৱগত কৰা হৈছে। ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈছে। মুকালমুৱাৰ পৰা এটি স্বাস্থ্যসেৱাৰ দল উপস্থিত হ'ব বুলি জানিব পৰা গৈছে । কোৰোনাক লৈ এতিয়া আতংকিত হৈ পৰিছে ৰাইজ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.