ETV Bharat / state

বৰপেটাৰোডত চোৰাং ম'হ ভৰ্ত্তি ট্ৰাক জব্দ - বৰপেটাৰোডত চোৰাং ম'হভৰ্ত্তি ট্ৰাক জব্দ

শিমলাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীৰ অভিযান

বৰপেটাৰোডত চোৰাং ম'হ ভৰ্ত্তি ট্ৰাক জব্দ
author img

By

Published : Oct 18, 2019, 11:12 PM IST

বৰপেটা, 18 অক্টোবৰ: নামনি অসমত এতিয়াও সক্ৰিয় হৈ আছে আন্তজাৰ্তিক গৰু-ম'হ চুৰি চক্ৰ ৷ বৰপেটা জিলাৰ বৰপেটাৰোডৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথেদি দৈনিক চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ ট্ৰাক যোগে দৈনিক সৰবৰাহ হৈ আহিছে শতাধিক চুৰি গৰু-ম'হ ৷ শুকুৰবাৰে নিশা শিমলাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চিৰাঙৰ বিজনীৰ পৰা গুৱাহাটী অভিমুখে AS-01GC-8526 নম্বৰৰ ট্ৰাকেৰে চুৰি ম'হ কঢ়িয়াই লৈ যোৱা এখন ট্ৰাকৰ লগতে ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে 12টাকৈ চোৰাং ম'হ ৷ আটকাধীন ট্ৰাকখনৰ চালক নাচেৰ আলীৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীত বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷

ইফালে চোৰাং ম'হ কঢ়িয়াই অনা ট্ৰাকখনত থকা জয়নাল আব্দীন,শ্বাহিদুল ইছলাম আৰু জাকৰিয়া আলী নামৰ তিনিটা চোৰ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ এই চোৰাং চক্ৰটোৱে দীৰ্ঘদিন ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চোৰাংভাৱে ম'হৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ চক্ৰটোৱে গুৱাহাটীৰ মাজেৰে গৈ খানাপাৰা-মেঘালয় হৈ বাংলাদেশলৈ চোৰাংকৈ ম'হ চালান কৰি আহিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

শিমলাগুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীৰ অভিযান

Intro:বৰপেটা 18 অক্টোবৰ : বৰপেটাৰোডৰ শিমলাগুৰীত চোৰাং ম'হৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই শুক্ৰবাৰে এখন ট্ৰাকৰ পৰা ১২ টা চোৰাং ম'হ জব্দ কৰিবলৈ সক্ষম হয় ৷ Body:চিৰাঙৰ বিজনীৰ পৰা গুৱাহাটী অভিমুখে AS-01-GC-8526 নম্বৰৰ ট্ৰাকেৰে কঢ়িয়াই লৈ গৈ থকা অৱস্থাত শিমলাগুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীয়ে জব্দ কৰে। ট্ৰাকখনৰ চালক নাচেৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আটকাধীন চালক নাচেৰ আলীৰ ঘৰ অভয়াপুৰীত বুলি জানিব পৰা গৈছে ৷ চোৰাং ম'হ কঢ়িয়াই অনা চোৰাং বেপাৰী জয়নাল আব্দীন (খানাপাৰা), শ্বাহিদুল ইছলাম (হাউলী), জাকৰিয়া আলী (অভয়াপুৰী) সম্প্ৰতি পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চোৰাং চক্ৰটোৱে দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চোৰাংভাৱে ম'হৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ চোৰাং চক্ৰটোৱে গুৱাহাটীৰ মাজেৰে গৈ খানাপাৰা -মেঘালয়লৈ হৈ বাংলাদেশলৈ চোৰাংকৈ ম'হ চালান কৰি আহিছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.