ETV Bharat / state

বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিটিচি শাসক ৰাজেশ প্ৰসাদৰ

সোমবাৰে বৰপেটাৰ সৰভোগৰ ওদালগুৰিৰ বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিটিচি শাসক ৰাজেশ প্ৰসাদৰ । শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে শাসকগৰাকীয়ে ৷

author img

By

Published : Jul 13, 2020, 8:30 PM IST

বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিটিচি শাসক ৰাজেশ প্ৰসাদৰ
বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিটিচি শাসক ৰাজেশ প্ৰসাদৰ

বৰপেটা, 13 জুলাই : ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ সমষ্টি ওদালগুৰিত বেকী নৈৰ প্ৰৱল গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি অঞ্চলটোৰ মানচিত্ৰৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । প্ৰতিবছৰৰ দৰে এইবছৰো বেকী নৈয়ে নতুনকৈ সুঁতি সলোৱাত সমগ্ৰ এলেকাটোৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

গৰাখহনীয়াৰ বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পিছত সোমবাৰে বাক্সাৰ ওদালগুৰিত বিটিচি শাসক ৰাজেশ প্ৰসাদে খহনীয়া অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় । সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত তেওঁ শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে তাৎক্ষণিকভাৱে জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

ইপিনে বেকী নৈৰ বাঢ়নী পানীত জলমগ্ন হোৱা বালিপুৰ চৰৰ প্ৰায় 81 টা পৰিয়ালে আশ্ৰয় লৈ থকা পূৱ খাৰিজা বিজনী হাইস্কুলৰ আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় শাসক ৰাজেশ প্ৰসাদে । বিটিচিৰ শাসকগৰাকীৰ সৈতে এই পৰিদৰ্শনত উপস্থিত থাকে বাক্সা জিলাৰ উপায়ুক্ত,শালবাৰীৰ মহকুমাধিপতি আৰু জালাহ ৰাজহ চক্ৰ বিষয়া ।

লগতে পঢ়ক : উধাৰবন্দ বিধানসভা সমষ্টিত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.