ETV Bharat / state

গেলামালৰ দোকানৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে বৰপেটা আৰক্ষী ৷ শনিবাৰে আৰক্ষীয়ে খংৰা বজাৰৰ এখন গেলামালৰ দোকানত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে (Huge amount of brown sugar seized in Barpeta) ৷

author img

By

Published : May 29, 2022, 6:57 PM IST

brown sugar seized Drugs smagler arrested by Tarabari Police in Barpeta
বৰপেটাত 34 টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ

বৰপেটা, 29 মে’: বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Barpeta police raid against drugs) । জিলাখনৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ তৎপৰতাত তীব্ৰতৰ হৈ পৰিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । শনিবাৰে আৰক্ষীয়ে খংৰা বজাৰৰ এখন গেলামালৰ দোকানত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে (Huge amount of brown sugar seized in Barpeta) ৷

এক গোপন সূত্ৰ অনুসৰি শনিবাৰে নিশা বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক সমীৰদপ্তৰ বৰুৱাৰ নেতৃত্বত আৰু তাৰাবাৰী আৰক্ষী থানাৰ এটা দলে খংৰা বজাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এখন গেলামাল দোকানখনৰ পৰা 34 টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰাৰ লগতে নগদ 2800 টকা আৰু এটা মোবাইল ফোন জব্দ কৰে ।

লগতে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গেলামালৰ দোকানীজনকো আটক কৰে (Drugs smagler arrested by Tarabari Police) ৷ আটকাধীন দোকানীজন খংৰা গাঁৱৰ চুলতান মোল্লাৰ পুত্ৰ মুন্নাফ মোল্লা (25)বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আটকাধীন দোকানীজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : আৰক্ষী জিম্মাৰ পৰা পলায়ন ধৰ্ষণৰ মূল অভিযুক্ত : নিলম্বিত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.