ETV Bharat / state

অভিনেত্ৰী ৰীণা বৰাক ব্ৰজনাথ শৰ্মা বঁটা - CM Sarbananda Sonowal

সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পী সৈনিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পীগৰাকীৰ আদৰ্শ গ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মক আহ্বান জনায় ৷ লগতে শিল্পীগৰাকীৰ জীৱন বৃত্তান্ত দৃঢ়ভাৱে অধ্যয়ন কৰিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 2020 বৰ্ষৰ এই বঁটা প্ৰদান কৰা হয় অভিনেত্ৰী ৰীণা বৰাক ৷

Brajanath Sarma award goes to Rina Bora in sarbhog barpeta assam etv bharat news
ৰীণা বৰাক সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান
author img

By

Published : Sep 13, 2020, 7:04 AM IST

বৰপেটাৰোড,13 ছেপ্তেম্বৰ: শনিবাৰে বৰপেটাৰ সৰভোগত মঞ্চ আৰু চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰীণা বৰাক প্ৰদান কৰা হয় 2020 বৰ্ষৰ শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা ৷ এই বঁটাত আছিল এখন চাদৰ, শৰাই, প্ৰশস্তি পত্ৰৰ লগতে গামোচা আৰু দুই লাখ টকাৰ চেক ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিনেত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ ভ্ৰাম্যমাণ জগতৰ লগতে চলচিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰীণা বৰাক প্ৰদান কৰা হৈছে এই বঁটা ৷

ৰীণা বৰাক সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে শিল্পী সৈনিক ব্ৰজনাথ শৰ্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পীগৰাকীৰ আদৰ্শ গ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মক আহ্বান জনায় ৷ লগতে শিল্পীগৰাকীৰ জীৱন বৃত্তান্ত দৃঢ়ভাৱে অধ্যয়ন কৰিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে কৰ’ণা মহামাৰীৰ বাবে ভ্ৰাম্যমান জগতত হোৱা ক্ষতি সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰি সকলো প্ৰকাৰৰ সহায়-সহযোগ বিচাৰে অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট অভিনেতা মৃদুল ভূঞাৰ লগতে যতীন বৰা, আশা বৰদলৈ, সীমান্ত শেখৰ, বিদ্যাসাগৰ প্ৰমুখ্যে কেইবাগৰাকীও শিল্পীয়ে ৷ উক্ত অনুষ্ঠানতে গাঁওবুঢ়া সন্থায়ো মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দাবীসমূহ শীঘ্ৰে পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ভ্ৰাম্যমান জগতত হোৱা ক্ষতি সম্পৰ্কে মুখ্যমন্ত্ৰীক অৱগত শিল্পীসকলৰ

উল্লেখ্য যে,মুখ্যমন্ত্ৰী সোণোৱালে নিজ ভাষণৰ জৰিয়তে বৰ্ধিত কৰ’ণা সংক্ৰমণৰ ভয়াৱহতাৰ কথা প্ৰকাশ কৰে ৷ লগতে এইক্ষেত্ৰত সকলো প্ৰকাৰৰ লোকে লবলগীয়া সাৱধানতা সম্পৰ্কে উল্লেখ কৰি চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনায় ৷ সৰভোগত আয়োজিত উক্ত অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণুকমল দাস, সমাজকৰ্মী মনোজ বৰুৱা, বৰপেটাৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাকে ধৰি কেইবাগৰাকীও বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

লগতে চাওকঃ ৰাজ্যত পথ নিৰ্মাণত ব্য়য় হ'ব 11,900 কোটি টকা : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.