বৰপেটাৰোড,14 ডিচেম্বৰ : কেব বিৰোধী প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে বৰপেটাৰোডত সেনাৰ ফ্লেগ মাৰ্চ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ অসমত সেনা প্ৰয়োগ কৰিছে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰপেটাৰোডত হোৱা ব্যাপক আন্দোলনৰ ফলত শনিবাৰে সেনাই ফ্লেগমাৰ্চ কৰে ৷ সেনাৰ বৃহৎ দল এটাই ৰ'ড ফ্লেগমাৰ্চ কৰি টহল দি আছে বৰপেটাৰোড সৰভোগ হাউলী কলগাছিয়া আদি অঞ্চলত ৷ সেনাই ফ্লেগমাৰ্চ কৰাৰ পাছত শনিবাৰে দুপৰীয়াৰ পৰা উক্ত অঞ্চল সমূহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন বন্ধ হৈ আছে ৷ সেনাৰ এই ফ্লেগমাৰ্চত শংকিত হৈ পৰিছে সাধাৰণ জনতা ৷
লগতে পঢ়ক:বঙাইগাঁৱত বৃহৎ প্ৰতিবাদী গণ বিক্ষোভ