বৰপেটাৰোড, 27 মেঃ সৰভোগৰ এজন লোকে ইয়ন গাড়ীৰে গাঞ্জা কঢ়িয়াই নি থকাৰ সময়ত বৰপেটাৰোডৰ ভালুকী-শালমাৰাত স্থানীয় ৰাইজে গাঞ্জা সহ যুৱকজনক আটক কৰি বৰপেটাৰোড আৰক্ষীক চমজাই দিয়ে ৷ গাঞ্জা কঢ়িয়াই নিয়া লোকজনৰ নাম জমিৰ আলী (32) যুৱকজনৰ ঘৰ সৰভোগৰ স্বাহপুৰত বুলি জানিব পৰা গৈছে ৷ কোভিড- 19ৰ বাবে কৰ্তব্য কৰি থকা বুলি AS 01 DG 2109 নম্বৰৰ ইয়ন গাড়ীখন লকডাউনৰ মাজতো চলাচলৰ বাবে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুমতি পত্ৰ উলিয়াই লৈ এই চাৰিচকীয়া বাহনেৰে সৰভোগৰ পৰা 5 কিলো গাঞ্জা কঢ়িয়াই ভালুকী-শালমাৰা হৈ হাউলী অভিমুখে গৈ আছিল ৷
![borpatarode arrested ganja saler by police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7369207_thumabinal_3x2-.jpg)
তীব্ৰবেগী এই বাহন খনে ভালুকী-শালমাৰাৰ পথচাৰীক খুন্দিয়াবলৈ ধৰোতেই স্থানীয় ৰাইজে বাহনখনক বাট আগচি ধৰি গাঞ্জা সৰবৰাহকাৰী জমিৰ আলীক কিছু উত্তম মাধ্যম দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ তেনে সময়তে যুৱকজনৰ গাড়ীত থকা পলিথিনৰ মোনাখন চোৱাত উক্ত পলিথিনৰ মোনাত গাঞ্জা থকা বুলি স্হানীয় ৰাইজ নিশ্চিত হয় ৷ পাছত স্হানীয় ৰাইজে বৰপেটাৰোড আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাঞ্জা আৰু বাহনসহ যুৱকজনক থানালৈ লৈ আহে ৷ সম্প্ৰতি যুৱকজনক বৰপেটাৰোড আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ কামৰূপত এহাজাৰ লোকৰ বাবে কোৱাৰেন্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ