ETV Bharat / state

Book released in Barpeta: হোলীগীতৰ ইংৰাজী গ্ৰন্থ উন্মোচন - Book released at Barpeta Law College

দৌল মহোৎসৱ আৰু হোলীগীতক লৈ ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থ 'বৰপেটা সত্ৰঃ দ্য দৌল ফেষ্টিভেল এণ্ড হোলীগীত' উন্মোচন (Barpeta Satra The Daul Festival and Holi Geet released ) । গ্ৰন্থ উন্মোচনী সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ৷

Barpeta Satra The Daul Festival and Holi Geet released
বৰপেটা সত্ৰঃ দ্য দৌল ফেষ্টিভেল এণ্ড হোলীগীত উন্মোচন
author img

By

Published : Mar 2, 2023, 9:37 PM IST

বৰপেটা সত্ৰঃ দ্য দৌল ফেষ্টিভেল এণ্ড হোলীগীত উন্মোচন

বৰপেটা, ২ মাৰ্চ: বৰপেটাৰ বিশিষ্ট কণ্ঠশিল্পী কবিন দাসে সত্ৰনগৰী বৰপেটাৰ দৌল মহোৎসৱ আৰু হোলীগীতক লৈ ইংৰাজী ভাষাত ৰচনা কৰা এখন গ্ৰন্থ বুধবাৰে উন্মোচন কৰা হয় (Book released at Barpeta)৷ বৰপেটা আইন মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মা আৰু অসম শিশু সাহিত্য ন্যাসৰ প্ৰাক্তন সচিব হৃষীকেশ গোস্বামীয়ে 'বৰপেটা সত্ৰঃ দ্য দৌল ফেষ্টিভেল এণ্ড হোলীগীত' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা সভাখনত হোলীগীত পৰিবেশন কৰে স্থানীয় শিল্পীসকলে (Book released at Barpeta Law College) ৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক কলাগুৰু আৰু শিক্ষাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ আৰু মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, লোকসংগীতৰ বিশিষ্ট সাধক ড৹ অনিল শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসংগত হৃষীকেশ গোস্বামীয়ে কয়, "বৰপেটাৰ দৰে স্বকীয়তা আৰু স্বাভিমান ভাৰতবৰ্ষৰ বহু ঠাইত নাই ৷ বৰপেটাৰ স্বকীয়তা আৰু স্বাভিমান বহু কেইটা আছে যদিও তাৰে ভিতৰত হোলীগীত অন্যতম ৷ আমাৰ স্বাভিমান শিপাৰ সৈতে সম্পৰ্ক থকা হ’ব লাগিব ৷ যি জাতিৰ শিপাৰ সৈতে সম্পৰ্ক নাথাকে তেনে জাতি ছিন্নমূল হয় ।" কবিন দাসৰ গ্ৰন্থখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই গ্ৰন্থখনে বৰপেটাৰ দৌল উৎসৱ আৰু হোলীগীতক নতুন মাত্ৰা প্ৰদান কৰিলে ৷ আজি কালি গীত-মাতৰ নামত বহুত উদ্ভণ্ডালি বাঢ়িছে বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে ধৰ্মৰ যোগেদি সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশ উন্মোচিত হয় ৷

আনগৰাকী গ্ৰন্থ উন্মোচক সংগীত শিল্পী তৰালি শৰ্মাই কয়,"আত্মাৰ ধ্বনিয়ে হৈছে হোলীগীত ৷ হোলীগীতে অলপ সময়ৰ ভিতৰতে মানুহক আধ্যাত্মিক ভাৱনালৈ নিব পাৰে ৷ গীতৰ ৰং থকাৰ দৰে একোটা অঞ্চলৰো ৰং আছে ৷ যি গীতে নিজৰ পৰিচয় দাঙি ধৰিব পাৰে , একোটা অঞ্চলৰ পৰিচয় দাঙি ধৰিব পাৰে সেয়াই হৈছে হোলীগীত ৷ "হোলীগীতত শৃংগাৰ ৰস বেছিকৈ পোৱা যায় বুলি উল্লেখ কৰি তেওঁ কয় যে অকল গীত গালে নহ'ব,সমাজৰ বাবেও কিবা কৰিব লাগিব । তেওঁ কবিন দাসে গ্ৰন্থখন গীতৰ নিচিনা সজাইছে বুলি কয় ৷ এইখন নিঃসন্দেহে এখন অতি দৰকাৰী গ্ৰন্থ বুলি অভিহিত কৰি বাহিৰৰ গৱেষক সকলক বৰপেটা সত্ৰ আৰু ইয়াৰ দৌল মহোৎসৱ সম্পৰ্কে জনাত যথেষ্ট সহায়ক হব বুলি তেওঁ মন্তব্য় কৰে ।

এই সভাখনত অক্ষয় কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰি গ্ৰন্থখনে বৰপেটাৰ দৌল উৎসৱ আৰু হোলীগীতক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ প্ৰচাৰ প্ৰসাৰ কৰাত অৰিহণা যোগালে বুলি মন্তব্য কৰে ৷ বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹বিৰিঞ্চি কুমাৰ দাসে আঁত ধৰা সভাত লোক সংস্কৃতিৰ বিশিষ্ট সাধক ড৹ অনিল শইকীয়াই ভাষণ প্ৰদান কৰি সম্পৰ্কত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লেখক কবিন দাসে ইংৰাজী ভাষাত লিখা গ্ৰন্থখনৰ জৰিয়তে বৰপেটাৰ দৌল উৎসৱ আৰু হোলীগীতে এক নতুন মাত্ৰা লাভ কৰিব বুলি কয় । তেওঁ দৌল মহোৎসৱৰ বিষয়ে দেশ-বিদেশৰ লোকে অনুভৱ কৰা অভাৱ এই গ্ৰন্থখনে পুৰ কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ এই গ্ৰন্থখনৰ জৰিয়তে ৰঙৰ উছৱ দৌলৰ লগতে অসমৰ বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱ গুৰুজনাৰ বিষয়ে বাহিৰৰ লোকে জনাৰ সুবিধা পাব ৷

লগতে পঢ়ক:Upcoming Lok Sabha election: অনিশ্চয়তাৰ মাজতে লোকসভা নিৰ্বাচনক লৈ তৎপৰ অগপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.