চিৰাং, 28 জুনঃ চকুৰ সমুখতে বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল এখন কাঠৰ দলং ৷ দলংখন আছিল বঙাইগাঁও জিলাৰ ছিপনছিলাত ৷ ছিপনছিলাত কুজীয়া নদীৰ ওপৰত থকা কাঠৰ এই দলং খনেই আছিল ছিপনছিলা আৰু ছোৰাপাৰা অঞ্চলৰ যাতায়াতৰ এক মাত্ৰ পথ ৷ জিলা সদৰত আহিবলৈ দলংখন অতিক্ৰম কৰিবই লাগিব ৷
কিন্তু ফেনে-ফোটোকাৰে বাঢ়ি অহা কুজীয়া নদীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল দলংখন ৷ কেমেৰাত বন্দী হৈ ৰ'ল দলংখন উটি যোৱাৰ দৃশ্য ৷
যাতায়াতৰ এক মাত্ৰ দলংখন উটি যোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ছিপনছিলা আৰু ছোৰাপাৰা অঞ্চলৰ যাতায়াত ৷ এই অঞ্চলৰ লোকৰ বাবে নাই বঙাইগাঁও জিলা সদৰলৈ অহাৰ আন কোনো ব্যৱস্থা ৷ সেয়ে এতিয়া দুৰ্ভোগ ভুগিব অঞ্চল দুটাৰ ৰাইজে ৷
ইপিনে বিগত তিনিদিনে ৰাজ্যখনত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাত সমগ্ৰ অসমৰে নদী সমূহৰ পানী অত্যাধিক পৰিমানে বাঢ়িছে আৰু অসমৰ বিভিন্ন জিলা জলমগ্ন কৰি পেলাইছে ৷
লগতে পঢ়কঃ বানত প্লাৱিত জোনাইৰ বিস্তীৰ্ণ অঞ্চল