ETV Bharat / state

বৰপেটাত চীনা সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান বিজেপিৰ ৰঞ্জিৎ কুমাৰ দাসৰ

বৰপেটাত এক কাৰ্যসূচীত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য । মণিপুৰৰ ৰাজনৈতিক সংকট মোচনৰ চেষ্টা অব্যাহত থকাৰ লগতে চীনা সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান ৰাজ্যকি সভাপতিগৰাকীয়ে ।

author img

By

Published : Jun 19, 2020, 8:20 PM IST

BJP's Ranjit Kumar Das urges people to use indigenous products instead of Chinese ones in Barpeta

বৰপেটা, 19 জুনঃ শুকুৰবাৰে বৰপেটাত গাঁওবুঢ়া সকলক স্মাৰ্টফোন বিতৰণ কৰা এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ৷ ৰাজ্যৰ প্ৰতিজন গাঁওবুঢ়াকে স্মাৰ্টফোন দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়ে শুকুৰবাৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ উপস্থিতিত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰঞ্জিৎ কুমাৰ দাসে বৰপেটাৰ গাঁওবুঢ়াসকলক প্ৰদান কৰে স্মাৰ্টফোন ।

চীনা সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান বিজেপিৰ ৰঞ্জিৎ কুমাৰ দাসৰ

এই স্মাৰ্টফোন বিতৰণ কাৰ্যসূচীৰ পিচতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে মণিপুৰৰ ৰাজনৈতিক সংকট সম্পৰ্কেও মন্তব্য কৰি মণিপুৰত সৃষ্টি হোৱা সংকট মোচনৰ বাবে নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰে ।

মণিপুৰৰ অসন্তুষ্ট বিধায়কসকলৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা চলাই থকা হৈছে আৰু মণিপুৰৰ সংকট সমাধান হ'ব বুলি আশাবাদী ৰঞ্জিৎ কুমাৰ দাস ৷ ৰঞ্জিৎ দাসৰ দাবী,মণিপুৰৰ শাসন কংগ্ৰেছলৈ গ'লে ৰাজ্যখন অধঃপতনলৈ যাব ৷ সেয়ে মণিপুৰৰ ৰাইজৰ মংগলৰ বাবে ৰাজ্যখনৰ শাসন নিজৰ হাতত ৰখাৰ চেষ্টা চলাব বিজেপিয়ে ৷

ইপিনে চীনা সামগ্ৰী বৰ্জনৰ সপক্ষে মন্তব্য কৰি ভাৰতীয় স্বাভিমান থকা কোনো লোকেই চীনা সামগ্ৰী ব্যৱহাৰ নকৰে আৰু চীনা সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনায় ৰঞ্জিৎ কুমাৰ দাসে ৷ আনকি ৰাজ্য চৰকাৰকো চীনা সামগ্ৰীৰ পৰিৱৰ্তে থলুৱা ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আহ্বান জনায় ৰাজ্যিক সভাপতিগৰাকীয়ে ৷

লগতে চাওকঃ ধেমাজিৰ জিলা ও সত্ৰ ন্যয়াধীশ আদালতত হাজিৰ অভিযুক্ত ফকৰুল ইছলামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.