ETV Bharat / state

পাঠশালাত বিজেপি কাৰ্যালয় মুকলি

author img

By

Published : Mar 10, 2021, 9:23 PM IST

বজালী জিলাৰ অন্তৰ্গত পাঠশালাত বিজেপি কাৰ্যালয় মুকলি ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে কাৰ্যালয়টো মুকলি কৰে ৷

BJP district Office opening
পাঠশালাত বিজেপি কাৰ্যালয় মুকলি

বৰপেটা,10 মাৰ্চ: বুধবাৰে বজালী জিলাৰ পাঠশালাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে এক বিজেপি কাৰ্যালয় মুকলি কৰে ৷ সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিটোত বুধবাৰে গৈ দাস উপস্থিত হয় ৷ সমাগত নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ পৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰণজিৎ কুমাৰ দাসে থিয় দিব ৷ প্ৰাৰ্থিত্ব প্ৰদানৰ পাছত প্ৰথমবাৰৰ বাবে সমষ্টিটোত উপস্থিত হয় দাসে মন্তব্য কৰে যে, সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিগৰাকী ৰাইজ একো একোগৰাকী ৰণজিৎ হৈ ভূমিকা গ্ৰহণ কৰিব ৷

উল্লেখ্য যে, এইবাৰ মুঠ তিনিটা পৰ্যায়ত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে 1 আৰু 6 এপ্ৰিলত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ দিশপুৰৰ গাদী দখলৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনৰ বাবে তৰিৎ গতিত প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷ প্ৰত্যেক দলে নিজা ৰণকৌশলেৰে নিৰ্বাচনলৈ সাজু হোৱাৰ মাজতে 2016 চনত গাদী দখল কৰা শাসনাধীষ্ঠ বিজেপিয়ে 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাও প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: বিধায়ক অশোক শৰ্মাক কাষত লৈ মনোনয়ন দাখিল জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.