বৰপেটা,১ মাৰ্চ: সৰুক্ষেত্ৰীত অগপ-বিজেপিৰ মাজৰ সংঘাত তুংগত উঠিছে । অগপক মৰা গৰুৰ সৈতে তুলনা কৰি মৰা গৰুক ঘাঁহ দিয়া আৰু অগপক প্ৰাৰ্থিত্ব প্ৰদান কৰা একেই কথা বুলি কটাক্ষ কৰে সৰুক্ষেত্ৰীৰ একাংশ বিজেপি কৰ্মীয়ে ৷ আনকি সৰুক্ষেত্ৰীত উন্নয়ন পিছত, বৰ্তমান টিকটৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিজেপি কৰ্মীয়ে ৷
ক্ৰমাৎ আকৰ্ষণীয় ৰূপত সৰুক্ষেত্ৰীৰ নিৰ্বাচনী যুঁজ ৷ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত এইবাৰ বিজেপি আৰু অসম গণ পৰিষদৰ মাজত প্ৰাৰ্থিত্বক লৈ চলিছে তীব্ৰ টনা-আজোৰা ৷ বিজেপিয়ে কোনো কাৰণতে এইবাৰ সৰুক্ষেত্ৰী সমষ্টি এৰি দিব খোজা নাই মিত্ৰদল অসম গণ পৰিষদক । অসম গণ পৰিষদক সৰুক্ষেত্ৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপি কৰ্মীসকলে সহযোগ নকৰাৰ হুংকাৰ প্ৰদান কৰে ।
বিগত বিধানসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনত সৰুক্ষেত্ৰী বিধানসভা আৰু বৰপেটা লোকসভা সমষ্টি অসম গণ পৰিষদ দলক এৰি দিছিল বিজেপিয়ে । প্ৰতিবাৰে অসম গণ পৰিষদ দলক সুযোগ দিয়া নহ'ব বুলি স্পষ্ট কৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে ।
বিজেপি নেতাই এইবাৰ 'মৰা গৰু'ৰ সৈতে তুলনা কৰিছে অসম গণ পৰিষদ দলক । সৰুক্ষেত্ৰীত অসম গণ পৰিষদৰ সাংগঠনিক ভেটি নাই বুলিও অভিযোগ তুলিছে বিজেপিৰ কৰ্মীয়ে । বিজেপি দলৰ ৰাজ্যিক পৰ্যবেক্ষকৰ দল দেওবাৰে বিয়লি সৰুক্ষেত্ৰীৰ বৰকাপলাত উপস্থিত হোৱাত বিজেপিৰ নেতা-তৃণমূল কৰ্মীয়ে সৰুক্ষেত্ৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে ।
এনেদৰেই এতিয়া ৰাজ্যৰ ৰাজনীতিত টিকট আৰু আসনক লৈ সৃষ্টি হৈ আছে এক যুদ্ধংদেহী পৰিৱেশৰ ৷
লগতে পঢ়কঃ আসন ভাগ বটোৱাৰাক লৈ বিজেপি-অগপৰ বৈঠক