ETV Bharat / state

Assam BJP leader dead : শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা মুখ্যমন্ত্ৰীৰ - ৰণজিৎ ঠাকুৰীয়াৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক

জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়া(Senior BJP Leader Ranjit Thakuriya Demissed)ৰ দেহাৱসান ৷ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ লগতে আন শীৰ্ষ দলীয় নেতাসকলে ৷ ঠাকুৰীয়াৰ মৃত্যু গেৰুৱা দলটোৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা মুখ্যমন্ত্ৰীৰ
Assam BJP leader dead
author img

By

Published : Nov 22, 2021, 2:35 PM IST

বৰপেটা, 22 নৱেম্বৰ : ৰাজ্যৰ অন্যতম জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়া(Senior BJP Leader Ranjit Thakuriya)ৰ দেওবাৰে দেহাৱসান ঘটে ৷ এই খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal), ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma), ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ই ফোনযোগে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

ততালিকে বৰপেটাৰ বাতিকুৰিহা গাঁৱৰ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয় কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Minister Ranjit Kumar Das)ৰ লগতে বহুকেইগৰাকী দলীয় নেতা-কৰ্মী ৷ প্ৰায় 65 বছৰ বয়সত দেহাৱসান ঘটা ঠাকুৰীয়াৰ মৃত্যু এক বৃহৎ ক্ষতি বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়াৰ দেহাৱসান

উল্লেখ্য যে, জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে সুদীৰ্ঘ দিন ধৰি দলৰ হকে কাম কৰি আহিছিল ৷ কোনো ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি একমাত্ৰ দল তথা দেশৰ হকে সমৰ্পিত মনোভাৱেৰে ব্যক্তিগৰাকীয়ে সেৱা আগবঢ়াই আহিছিল ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক দিশটো শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৰণজিৎ ঠাকুৰীয়া(Senior BJP Leader Ranjit Thakuriya)ই ৷

প্ৰয়াত ঠাকুৰীয়াই বিজেপিৰ কাৰ্যালয়তে নিজে ৰন্ধা-বঢ়া কৰি দলীয় কৰ্মীসকলক খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিছিল ৷ যাতে দলীয় কাম-কাজত কোনো ব্যাঘাত নজন্মে ৷ ব্যক্তিগৰাকীৰ এনে অৱদানৰ কথা সুঁৱৰি আবেগ বিহ্বল হৈ পৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Minister Ranjit Kumar Das) ৷ ভিন্ন সময়ত বিজেপিৰ কৃষক মৰ্চা, যুৱ মৰ্চাৰ দায়িত্ব লাভ কৰি উজনিৰ পৰা নামনিলৈ দলৰ ভেটি সুদৃঢ় কৰাত আগভাগ লৈছিল ৷

তদুপৰি নেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে 8 নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া(MP Dilip Saikia), বিজেপি নেতা তথা বৰপেটাৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাস ৷

Assam BJP leader dead
ৰণজিৎ ঠাকুৰীয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ সাংসদ দিলীপ শইকীয়াৰ

লগতে চাওক: Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.