ETV Bharat / state

বিৰোধীক লৈ বিজেপি শংকিত নহয় সতৰ্কহে হৈছে: অশোক সিংহল - Lok sabha election 2024

কংগ্ৰেছ এতিয়া ক’তো নাই ৷ অহাবাৰ নিৰ্বাচনত বিজেপিয়ে 12 খন আসন লাভা কৰাটো খাটাং ৷ বৰপেটাৰোডত এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ যাকে-তাকে চেলেং চাদৰেৰে সন্মান নজনাবলৈ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

Ashok Shinghal slams MP Abdul Khaleque
Ashok Shinghal slams MP Abdul Khaleque
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:27 PM IST

বৰপেটাত বিজেপিৰ দুই মন্ত্ৰী

বৰপেটাৰোড, ২৩ নৱেম্বৰ: ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে চিন্তা কৰি অসমক আগবঢ়াই লৈ গৈ আছে । দুৰ্গাপূজাত ১০ হাজাৰ, ৰাসত ২৫ হাজাৰকৈ টকা দি আহিছে ৷ হিন্দু ৰজাই জিজিয়া কৰ লগোৱা নাছিল, ঔৰংগজেৱেহে জিজিয়া লগাইছিল ৷ ঔৰংগজেৱে হিন্দু মানুহৰ ওপৰত জিজিয়া লগাইছিল । জিজিয়া নিদিলে ঔৰংগজেৱে ফাঁচীও দিছিল আৰু ধৰ্ম পৰিৱৰ্তনো কৰাইছিল ৷ চৰকাৰে ৰাইজক কোনো কৰ লগোৱা নাই মাত্ৰ অনুমতি ল’লে কোৰ্ট ফী এটা দিব লাগে ৷’’ এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ ৷

পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ ইং বৰ্ষৰ অধীনত আৰ চি চি বাণিজ্যিক গৃহৰ আধাৰশিলা স্থাপন কৰিবলৈ বুধবাৰে বৰপেটাৰোডত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল । বৰপেটাৰ সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত জিজিয়া লগাইছে বুলি কৰা মন্তব্যৰ এইদৰে প্ৰত্যুত্তৰ দিয়ে অশোক সিংহালে ৷

তেওঁ লগতে কয়, ‘‘এই কোৰ্ট ফীটো বিজেপিৰ দিনত হোৱা নাই আগৰে পৰাই চলি আছে৷ বৰপেটাৰ সাংসদগৰাকীয়ে বাজে কথা ক’ব নাপায় ৷ যদি সাংসদগৰাকীয়ে বাজে কথা কয় তেন্তে বৰপেটাৰ সাংসদগৰাকীৰ বাজে কথাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব । বিৰোধীয়ে যিমান বিৰোধ কৰি থাকিলেও বিৰোধীৰ ওচৰত কোনো ৰাইজ ওচৰ চাপি নাযায় ৷’’

অসমত কংগ্ৰেছৰ চৰকাৰ হ’লে ৰাইজৰ ওপৰত লগোৱা কৰ এটকা এটকাকৈ উভতাই দিয়া হ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে মন্ত্ৰী অশোক সিংহলে কয় যে কংগ্ৰেছৰ চৰকাৰ নাহে ৷ ভূপেন বৰাই কংগ্ৰেছৰ চৰকাৰ ঘূৰাই আনিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে পুনৰ কয় যে চৰকাৰে ৰাইজৰ স্বাৰ্থত বহুত ভাল কাম কৰি আছে ৷ কৃষকৰ পৰা ধান ক্ৰয়, অৰুণদয় আঁচনি, স্বাস্থ্য বীমা, ৰেচন কাৰ্ড, শিক্ষা ব্যৱস্থা, ৰাস্তা-ঘাট আদি ভাল ভাল কাম কৰি আছে ৷

কংগ্ৰেছ বৰ্তমান ক’তো নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকক উলটি প্ৰশ্ন কৰে যে বৰপেটাৰোডত কংগ্ৰেছ আছে নেকি ? আগন্তুক লোকসভাত নিৰ্বাচনত নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ’ব আৰু অসমত বিজেপি মিত্ৰজোঁটে ১২ খন আসন লাভ কৰিব বুলিও ভৱিষ্যদ্বাণী কৰে মন্ত্ৰী অশোক সিংহলে ৷ বৰপেটাত বিজেপি জিকিব ৷ বিৰোধীকলৈ বিজেপি শংকিত নহয় কিন্তু এলাৰ্ট হৈ থকা বুলিও মন্তব্য কৰে মন্ত্ৰী সিংহলে ৷

একেটা অনুষ্ঠানতে অংশ লোৱা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, ‘‘সত্ৰীয়া সংস্কৃতিত চেলেং চাদৰৰ মূল্য গামোচাতকৈ বহু ওপৰত ৷ কোনো ৰাজনৈতিক নেতা, মন্ত্ৰী-বিধায়ক আৰু সাংসদক চেলেং চাদৰ নিদিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে৷ চেলেং চাদৰখন সত্ৰাধিকাৰ, সাহিত্যিক, নামঘৰৰ ভকত, মন্দিৰৰ পুৰোহিতক দিবলৈ আহ্বান জনায় ৷ মন্ত্ৰী অশোক সিংহলে আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ উপস্থিতিত সৰভোগ পৌৰসভাৰ নৱনিৰ্মিত গৃহটিও উদ্বোধন কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছ শাসিত ৰাজস্থানৰ ৩০০ টা সেৱা মাচুলৰ তালিকাৰে বিৰোধীক প্ৰত্যুত্তৰ পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.