বৰপেটাৰোড, 23 ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীৰ গোৱৰ্ধনা আৰু হাউলী ব্লক মণ্ডলৰ উদ্যোগত বৰপেটাৰোডৰ আঠিয়াবাৰীত অনুষ্ঠিত এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰে, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷ বিটিএডিৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা বা ৰাজনৈতিক কৌশল অব্যাহত থাকিব নে নাই সেয়া বিজেপি দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰি, আগন্তুক পৰিষদীয় নিৰ্বাচনত বিটিএডিত বিজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াই চৰকাৰ গঠন কৰাত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷
উল্লেখ্য যে, আজি অনুষ্ঠিত এই সভাত আক্ৰাছুৰ ১৫ গৰাকীকৈ সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ তেওঁলোকক দলীয় বস্ত্ৰ পিন্ধাই আদৰণি জনায় অসম পৰ্যটন নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷ সভাখনত বিজেপি নেতা শংকৰ চন্দ্ৰ দাস, অনিল দাস, ফুলেন দাস, জয়গুৰু ঘোষ আদিকে ধৰি কেইবাগৰাকীও সাংগঠনিক নেতা উপস্থিত থাকে ৷
লগতে পঢ়কঃ অভয়াপুৰিত বনৰৌ ব্যৱসায়ীৰ ৰূপত গ্ৰেপ্তাৰ AIUDF নেতা