বৰপেটা, 11 মাৰ্চঃ বাক্সা জিলাৰ মায়ংপাৰাৰ বিজেপি নেতা তথা এছ চি বোৰ্ডৰ সদস্য দীপেন সূত্ৰধৰে দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা টিনপাত বিক্ৰী কৰি থকাৰ সময়ত আৰক্ষীয়ে আটক কৰে ৷ প্ৰায় দুশ খন টিনপাত দীপেন সূত্ৰধৰে জেঠায়েক ফনীন্দ্ৰ সূত্ৰধৰৰ ঘৰত মজুত কৰি ৰাখিছিল ৷
দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ অতি ঘনিষ্ঠ এছ চি বোৰ্ডৰ সদস্য তথা বিজেপি নেতা বাক্সাৰ মায়ংপাৰাৰ দীপেন সুত্ৰধৰে দুখীয়া হিতাধিকাৰীৰ টিনপাত বিক্ৰী কৰি থকাৰ সময়ত সোমবাৰে নিশা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ দৰিদ্ৰ হিতাধিকাৰীৰ নামত চৰকাৰে যোগানধৰা বৃহৎ পৰিমাণৰ টিনপাত সোমবাৰে নিশা কালপানী বজাৰৰ মানাহ হাৰ্ডৱেৰৰ দোকানত বিক্ৰী কৰি থকাৰ সময়ত বাক্সাৰ গোৱৰ্ধনা আৰক্ষীয়ে জব্দ কৰে ৷
দীপেন সুত্ৰধৰে দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা 8 ফুট দীঘল আৰু 4 ফুট বহলৰ প্ৰায় দুশখন টিনপাত তেওঁৰ জেঠায়েক ফনীন্দ্ৰ সুত্ৰধৰৰ ঘৰত মজুত কৰি ৰাখিছিল ৷ উক্ত টিনপাত সমূহ দৰিদ্ৰ লোক সকলক বিতৰণ নকৰি নিশা কালপানী বজাৰৰ মানাহ হাৰ্ডৱেৰত বিক্ৰী কৰি থকাৰ সময়ত গোৱৰ্ধনা আৰক্ষীয়ে জব্দ কৰে ৷ লগতে টিনপাত সমূহ বিক্ৰী কৰা মানাহ হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী গৰাকীকো আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে টিনপাত সমূহ জব্দ কৰাৰ লগে লগে দীপেন সূত্ৰধৰে পলায়ন কৰে যদিও সূত্ৰধৰক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক- ডিগবৈত চিকিৎসকৰ অভব্য আচৰণক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি