বৰপেটা ১৪ ডিচেম্বৰ : এই আই ইউ ডি এফৰ দুৰ্গত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী(BJP Joining Campaign) ৷ বুধাবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ(Chenga Assembly constituency) বান্দালীত প্ৰায় তিনি শতাধিকলোকে অগপ, AIUDF আৰু কংগ্ৰেছ ত্যাগ কৰে ভাৰতীয় জনতা পাৰ্টীত ৷ বিজেপিত যোগদানৰ পিছতেই সংখ্যালঘু লোকৰ মুখত শুনা গ’ল ‘ভাৰত মাতা কি জয়’ ধ্বনি ৷
উল্লেখ্য যে, বুধবাৰে চেঙা মণ্ডল সংখ্যালঘু মৰ্চাৰ(BJP Minority Morcha) সভাপতি বাবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত এই বিশাল যোগদান কাৰ্যসূচী ৷ যোগদান সভাত বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াজ কুজুৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, অসম বিজেপিৰ মিডিয়া পেনেলিষ্ট ড৹ জাফ্ৰিন মেহজাবিন, সংখ্যালঘু মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সভাপতি ধনী আলীসহ ভালেকেইজন বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ৷
এই যোগদান সভাপতি কংগ্ৰেছৰ ‘ভাৰত জোড়ো’(Bharat Jodo Yatra) যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াছ কুজুৰে কয় যে, ‘‘কংগ্ৰেছৰ এয়া ভাৰত জোড়ো যাত্ৰা নহয় এয়া কংগ্ৰেছ তড়ো যাত্ৰা ।’’ লগতে বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু লোক সুৰক্ষিত হৈ আছে আৰু কোনো সংখ্যালঘু লোক হত্যাৰ বলি হোৱা নাই বুলিও মন্তব্য শান্তিয়াছ কুজুৰ’’ ৷
উল্লেখ্য যে, 2024চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নামি পৰিছে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত ৷ তাৰ অংশ স্বৰূপেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে আৰম্ভ কৰিছে বিশাল যোগদান কাৰ্যসূচী ৷ আনহাতে, বৰপেটা জিলাৰ চেঙা সমষ্টি পৰিচিত হৈ আহিছে AIUDFৰ দুৰ্গ হিচাপে ৷ কিন্তু এই বিশাল যোগদান কাৰ্যসূচীৰ পৰা এটা স্পষ্ট হৈছে যে, চেঙা সমষ্টিত ব্যাপক বিপৰ্যয়ৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমলৰ(Badruddin Ajmal) AIUDF ৷
লগতে পঢ়ক: Congress workers join BJP : ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ পূৰ্বে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ কৰ্মীয়ে