ETV Bharat / state

Bike rally to create awareness: বৰপেটাৰোডত বিশাল বাইক ৰেলী - Bike rally to create awareness

স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মঙলবাৰে বৰপেটাৰোডত বিজেপি দলে এক বিশাল বাইক ৰেলী উলিয়াই(Bike rally to create awareness)। বৰপেটাৰোড, গোৱৰ্ধনা আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা বিজেপিৰ বাইক ৰেলীত অংশ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Bike rally to create awareness
বৰপেটাৰোডত বিশাল বাইক ৰেলী
author img

By

Published : Aug 10, 2022, 1:01 PM IST

বৰপেটা ৰোড,9 আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মঙলবাৰে বৰপেটাৰোডত বিজেপি দলে এক বিশাল বাইক ৰেলী উলিয়াই(Bike rally to create awareness)। বৰপেটাৰোড, গোৱৰ্ধনা আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই বাইক ৰেলীত অংশ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

বৰপেটাৰোডত বিশাল বাইক ৰেলী
অনুষ্ঠানটো সন্দৰ্ভত মন্ত্ৰী দাসে কয়, 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে সমগ্ৰ অসমতে বাইক ৰেলীৰ যোগেদি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ মাজত জাগৰণ সৃষ্টি হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি এই মূহৰ্তলৈকে অসমত 53 লাখ ত্ৰিৰংগা বিক্ৰী হোৱা বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে(5.3 million tricolors sold in Assam) ৷

অসম সমবায় সমিতি আৰু আত্মসহায়ক গোটৰ জৰিয়তে ইতিমধ্যে 53 লাখ ত্ৰিৰংগা বিক্ৰী হোৱাৰ কথা দোহাৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, অসমত বৰ্তমান 65 লাখ পৰিয়াল আছে ৷ বাকী 10 লাখ পৰিয়ালে অনাগত দিনকেইটাত ত্ৰিৰংগা ক্ৰয় কৰিব আৰু ঘৰে ঘৰে উৰুৱাব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে পঢ়ক: Har Ghar Tiranga Mission: ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত মাজুলীৰ এদল মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.