ETV Bharat / state

শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিও পাহৰিলে নেকি বিজেপি চৰকাৰে ?

author img

By

Published : Aug 23, 2021, 7:55 PM IST

মাত্ৰ এটা বছৰতে এজন বীৰ শ্বহীদৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পাহৰি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ শাসনত অধিস্থিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৷ এটা বছৰতেই চৰকাৰখনে মণিপুৰত উগ্ৰপন্থীৰ এম্বুছত নিহত হোৱা অসম ৰাইফলছৰ জোৱান তথা অসম সন্তান বজালী জিলাৰ প্ৰণয় কলিতাক পাহৰি গ’ল বুলি উত্থাপিত হৈছে অভিযোগ ৷

bjp-government-in-assam-forgets-promise-made-to-a-martyrs-family
শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিও পাহৰিলে নেকি বিজেপি চৰকাৰে ?

পাঠশালা, 23 আগষ্ট : প্ৰথমে প্ৰতিশ্ৰুতি দিয়া আৰু পিছত সেই প্ৰতিশ্ৰুতি ভংগ কৰাটো যেন এক কথাত অভ্যাসত পৰিণত হৈছে একেৰাহে দুবাৰকৈ ৰাজ্য শাসনৰ দায়িত্ব লাভ কৰা বিজেপি চৰকাৰৰ ৷ সততে বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা একেবাৰে শীৰ্ষ পৰ্যায়ৰ কেন্দ্ৰীয় নেতা সকললৈকে, সকলোৱে মুখ খুলিলেই সেনা জোৱানৰ জয়-জয়কাৰ কৰা দেখা যায় ৷ পিছে এতিয়া অভিযোগ উত্থাপিত হৈছে যে, মাত্ৰ এটা বছৰতে এজন বীৰ শ্বহীদৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পাহৰি পেলাইছে ৰাজ্যৰ শাসনত অধিস্থিত বিজেপি চৰকাৰখনে ৷

উল্লেখযোগ্য যে, এবছৰ পূৰ্বে মণিপুৰত উগ্ৰপন্থীৰ এম্বুছত নিহত হৈছিল অসম ৰাইফলছৰ জোৱান তথা অসম সন্তান বজালী জিলাৰ প্ৰণয় কলিতা ৷ সম্প্ৰতি শ্বহীদ গৰাকীৰ মৃত্যু তিথিৰ এটা বছৰ সম্পূৰ্ণ হ’ল ৷ শ্বহীদ গৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ ঘৰলৈ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, তেতিয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা বৰ্তমানৰ প্ৰতাপী মন্ত্ৰী ৰণজিৎ দাসকে আদি কৰি চৰকাৰৰ বহু বিয়াগোম নেতাৰ প্ৰতিদিনে সোঁত বৈছিল ৷

কেৱল ইমানেই নহয় প্ৰতিশ্ৰুতিৰ উপৰি প্ৰতিশ্ৰুতি দিয়া হৈছিল শ্বহীদ পৰিয়ালটোক ৷

পিছে এতিয়া এটা বছৰ উকলি গ’ল যদিও প্ৰতিশ্ৰুতি হৈ ৰ’ল মাথো প্ৰতিশ্ৰুতি ৷ চৰকাৰ সলনি হ’ল; তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী কেবিনেটত স্থান লাভ কৰি দিল্লীলৈ উৰা মাৰিলে ৷ কিন্তু সোণোৱালৰ উত্তৰসুৰী তথা তেওঁৰ মন্ত্ৰীসভাৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান দিছপুৰৰ মছনদত বহিল ৷ কিন্তু এতিয়া ৰাইজে প্ৰশ্ন কৰিছে যে, সলনি হোৱা চৰকাৰৰ সৈতে সলনি হৈ গ’ল শ্বহীদৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিবোৰ ৷

প্ৰতিশ্ৰুতি আছিল শ্বহীদৰ দুই কণমানি সন্তানৰ শিক্ষাৰ দায়িত্ব লোৱাৰ, প্ৰতিশ্ৰুতি আছিল শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোকক চৰকাৰী চাকৰি প্ৰদানৰ ৷ প্ৰতিশ্ৰুতি আছিল শ্বহীদৰ নামত পকী পথ নিৰ্মাণ কৰাৰ ৷ কিন্তু বিগত এটা বছৰে কোনো এটা কামেই সম্পূৰ্ণ কৰাত ব্যৰ্থ হ’ল বিজেপি চৰকাৰ ৷ আনহে নালাগে, শ্বহীদ গৰাকীৰ পত্নীৰ প্ৰাপ্য পেঞ্চনৰ কামো এতিয়ালৈ হৈ নুঠিল ৷ স্বাভাবিকতেই এতিয়া এবছৰতে শ্বহীদ প্ৰণয় কলিতাক পাহৰি যোৱাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰখনৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.