পাঠশালা, 22 জুলাই: দেওবাৰে বিয়লি পাঠশালাত মি.এচিয়া খিতাপ দখল কৰা বজালীৰ বাঘমাৰাৰ শুকিলাপাৰৰ বসন্ত দাসৰ পুত্ৰ ৰিংকু দাসক বজালী জিলা বিজেপি কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় ৷ বাংগালুৰুত সাত খন দেশৰ মাজত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত ৰিংকুয়ে লাভ কৰিছে মিষ্টাৰ এচিয়াৰ খিতাপ ৷ 2018 বৰ্ষতো মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল ৰিংকুয়ে ৷ এইগৰাকী অসম সন্তানে এতিয়া মিষ্টাৰ অলিম্পিয়ালৈ নিৰ্বাচিত হৈছে ৷
দেওবাৰে পাঠশালাৰ বজালী জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা উস্ম অভিনন্দন অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি ফনী পাঠকে ৰিংকুক গামোছা, জাপি আদিৰে সম্বৰ্ধনা জনায় আৰু বজালীৰ তথা সমগ্ৰ অসমৰ গৌৰৱ ৰিংকুক বজালী বিজেপিৰ তৰফৰ পৰা বজালী এক্সপ্ৰেছ নামেৰে বিভূষিত কৰে ৷ ইয়াৰোপৰিও বজালীৰ বিজেপিয়ে ৰিংকুৰ মি.অলিম্পিয়া যাত্ৰাৰ সপোন যাতে বাস্তৱত ৰূপায়িত হয় আৰু ভাৰতলৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিত কুমাৰ দাসক আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনায় ৷ লগতে দুখীয়া পৰিয়ালৰ যুৱকজনলৈ বজালী ৰঙালী বিহু সমিতিৰ সদস্য ধৰ্মেন্দ্ৰ তালুকদাৰে নগদ পাচঁ হাজাৰ টকা আগবঢ়ায় ৷ আনহাতে বিজেপি দলৰ আদৰ্শৰ প্ৰতি আগ্ৰহী হৈ ৰিংকুৱে আনুষ্ঠানিকভাৱে বিজেপি দলৰ যুৱ মৰ্চাত যোগদান কৰে ৷