জনীয়া,20 জুনঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ভাৰতৰ ছাত্র ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI) কলগাছিয়া আঞ্চলিক কমিটিয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্র ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে । এইবাৰ কৰ'ণা ভাইৰাছৰ বাবে লক ডাউন থকা হেতুকে জন সমাগমত বাধা থকাৰ বাবে সংগঠনৰ পক্ষৰ পৰা বিদ্যালয়ে বিদ্যালয়ে গৈ কৃতি ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হৈছে ।
শনিবাৰে যুৱ নেতা ৰুস্তম আলীৰ নেতৃত্বত তেওঁলোকে টাপেশ্বৰা অৰুণোদয় হাইস্কুল,বালাগাঁও হাইস্কুল,ৰামপুৰ জাতীয় বিদ্যালয়, জনতা হাইস্কুল আৰু বামুণটাৰী হাইমাদ্ৰাছাত কৃতি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰিবৰ বাবে সম্বৰ্ধনা জনায়। উল্লেখ্য যে, যোৱা ১৪ তাৰিখৰ পৰা কেইবাগৰাকী কৃতি ছাত্ৰৰ ঘৰে ঘৰে উপস্থিত হৈ তেওঁলোকে অনুৰূপ কাৰ্যসূচী পালন কৰি আহিছে ।
লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি