বৰপেটা, ৩ এপ্ৰিল: পাঁচ গেৰাণ্টিৰে তৃতীয় পৰ্যায়তো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছে ৷ ইংৰাজে ভাৰতবৰ্ষত বিবেদৰ বীজ সিঁচি লুণ্ঠনৰাজ চলাইছিল ৷ এতিয়া বিজেপিয়ে তাকে কৰিছে ৷ ধৰ্ম নামত জনতাক ভাগ ভাগ কৰাৰ ৰাজনীতিৰে বৃহৎ পুঁজিপতিৰ হাতত দেশৰ সম্পদ তুলি দিছে বিজেপিয়ে ৷ এই মন্তব্যৰে আজি বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলালে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পাচত এইবাৰ তৃতীয় পৰ্যায়ত ব্যাৰামহীন ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ভূপেশ ৱাঘেলে ৷ শনিবাৰে মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
সভাৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ছিণ্ডিকেটৰ আনন্দ বুলি কটাক্ষ কৰে ভূপেশ বাঘেলে ৷ কংগ্ৰেছে পাঁচ গেৰাণ্টি দিছে ৷ ছত্তিশগড়ৰ কৃষকৰ ঋণ মাফ, কৃষকৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য বৃদ্ধিকে ধৰি ৰাজ্যখনৰ কিছু উন্নয়ন খতিয়ান দাঙি ধৰি কংগ্ৰেছে যি কয় তাকে কৰে বুলি মন্তব্য প্ৰকাশ কৰে ভূপেশ বাঘেলে ৷ কংগ্ৰেছৰ পাঁচ গেৰাণ্টি নিবনুৱাৰ সংস্থাপন, ২০০ ইউনিট বিদ্যু মাচুল বিনামূলীয়া, মহিলাৰ একাউন্টত প্ৰতিমাহে ২ হাজাৰ টকা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু কা' বাতিল আদি ইচ্ছু সমূহক লৈ ভাষণ আৰম্ভ কৰে বাঘেলে ৷
কংগ্ৰেছে ৭০ বছৰত কি কৰিলে বুলি বিজেপিয়ে প্ৰায়ে উত্থাপন কৰি অহা প্ৰশ্ন উত্তৰতো কেইবাটাও কটাক্ষ মূলক মন্তব্য প্ৰকাশ কৰে ভূপেশ বাঘেলে ৷ "কংগ্ৰেছক সমালোচনা কৰা সকলো য'ত জন্ম আৰু শিক্ষা গ্ৰহণ কৰিছিল সেই জন্ম গ্ৰহণ কৰা হাস্পতাল আৰু শিক্ষা গ্ৰহণ কৰা বিদ্যালয় কংগ্ৰেছৰ দিনত নিৰ্মাণ হৈছিল ৷ কংগ্ৰেছে কৃষকৰ ঋণ ৰেহাইৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰ বিপৰীতে জনতাৰ মুৰত ৰাম টাঙুন মাৰি বৃহৎ পুঁজিপতি ঋণ মাফ কৰে বিজেপিয়ে ৷" ভূপেশ বাঘেলে কয় ৷ উল্লেখ্য যে, বৰপেটাৰ মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ প্ৰচাৰ কাৰ্যাসূচীত সাংসদ আব্দুল খালেকেও অংশগ্ৰহণ কৰে ৷
![পুঁজিপতি ঋণ মাফ কৰি বিজেপিয়ে চলাইছে লুণ্ঠনৰাজ !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-16to20-3april-bhupesh-baghel-at-barpeta-visbitephoto-as10038_03042021172005_0304f_1617450605_906.jpg)