ETV Bharat / state

চেঙাত শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালকো সমালোচনা কৰি তেঁও কয়, অসমৰ আনন্দ ছিণ্ডিকেতৰ আনন্দ বুলি কতাক্ষ কৰে ৷ এনেদৰে বিজেপিৰ চৰকাৰক সমালোচনা কৰি এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব বুলি উল্লেখ কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

চেঙাত শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ
চেঙাত শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ
author img

By

Published : Apr 3, 2021, 7:52 PM IST

বৰপেটা, ৩এপ্ৰিল: তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে প্ৰচাৰ অভিযান ৷ চেঙা সমষ্টিত কংগ্ৰেছ বিধায়ক শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হ’ল ছত্তীশগঢ়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, বৰপেটাৰ সাংসদ আব্দুল খালেককে ধৰি কেবাজনো নেতা ৷ নিৰ্বাচনী ভাষণত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপিয়ে হাৰ মানিছে ৷ সেয়েহে প্ৰথম প্ৰৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই ধমক দিয়া আৰু গুণ্ডাগিৰি কৰা আৰম্ভ কৰিছে ৷ আনকি ইভিএম চুৰি কাৰ্যতো লিপ্ত হৈছে ৷ এইবিলাক তেতিয়াহে কৰে যেতিয়া পৰাজিত হোৱাতো নিশ্চিত হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ২ মে’ত ভোট গণনা হ’ব আৰু অসমৰ পৰা ২ মে’ত ভাৰতীয় জনতা পাৰ্টী নাথাকে বুলিয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

চেঙাত শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ
আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰি তেঁও কয়, অসমৰ আনন্দ ছিণ্ডিকেটৰ আনন্দ ৷ এনেদৰে বিজেপিৰ চৰকাৰক সমালোচনা কৰি এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব বুলি উল্লেখ কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে, চাৰিবাৰ বিধায়ক আছিলো, এইবাৰো গোটেই সমষ্টি ঘুৰি দেখিলো বহুত পৰিবৰ্তন হৈছে ৷ বিগত দিন বোৰত কেংগ্ৰেছৰ পক্ষত যেনেদৰে চেঙা বিধানসভাৰ ৰাইজে ৰায় দিছে, এইবাৰো চেঙা সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ পক্ষত ৰায় দি বিধায়ক কৰি পঠিয়াব বুলি দাবী কৰে শুকুৰ আলী আহমেদে ৷

ইপিনে কংগ্ৰেছৰ চৰকাৰ আহিলে গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে শুকুৰ আলীয়ে ৷ আনহাতে চেঙা সমষ্টিত শুকুৰ আলী আহমেদৰ কোনো প্ৰতিদন্দী নাই, সেয়েহে এইবাৰো চেঙা সমষ্টিৰ ৰাইজে তেঁওকে নিৰ্বাচিত কৰিব বুলি মন্তব্য কৰে শুকুৰ আলী আহমেদে ৷

লগতে পঢ়কঃ 24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.