বৰপেটা, 13 অক্টোবৰ: বৰপেটাৰ অটল ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাক সমালোচনা বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ (Subhas Dutta on Bhupen Borah's comment) ৷ অলপতে অমিত শ্বাহে মুকলি কৰা বিজেপিৰ মুখ্য কাৰ্যালয়তো ভাঙি দিম বুলি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুভাষ দত্তই কয় যে, এয়া হিংসা ৷ কংগ্ৰেছে নিজৰ বাবে ইমান ডাঙৰকৈ এটা কাৰ্যালয় নিৰ্মাণ কৰিব নোৱাৰি ঈৰ্ষান্বিত হৈছে (Controversy on BJP new party office) ৷
আনকি চৰকাৰী ভূমিত বিজেপি কাৰ্যালয়তো নিৰ্মাণ কৰা বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সুভাষ দত্তই ৷ বিগত চাৰি বছৰে নিৰ্মাণকাৰ্য চলি থকা কাৰ্যালয়টোক লৈ সেই সময়ত কিয় প্ৰশ্ন কৰা নাছিল বুলিও ওলোটাকৈ কংগ্ৰেছক আক্ৰমণ সুভাষ দত্তৰ (BJP new Party office in Guwahati) ৷ সকলো চৰকাৰী নীতি-মানি চলি আৰু দলীয় কৰ্মীৰ বৰঙণিৰেহে কাৰ্যালয়তো নিৰ্মাণ কৰা বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰজনে ৷
বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টোক লৈ কবিতা লিখা ভূপেন বৰাই কংগ্ৰেছৰ প্ৰাক্তন সভাপতি এগৰাকীৰ বৃহৎ অট্টালিকাটোক লৈ কিয় কবিতা লিখা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে (Bhupen Bora new poem) ৷
আনকি ভৰত নৰহ, ৰাণী নৰহৰ লগতে ভূপেন বৰাৰ নিজৰ ব্যক্তিগত গৃহতো বৃহৎ কাৰ্যালয় গৃহ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে সুভাষ দত্তই ৷ কংগ্ৰেছৰ নেতাসকলে ব্যক্তিগতভাৱে নিজৰ কেম্পাচত কাৰ্যালয়সমূহ ঠিকেই নিৰ্মাণ কৰি লৈছে যদিও হিতেশ্বৰ শইকীয়াৰ বাদে আন কোনেও দলীয় কাৰ্যালয় নিৰ্মাণ নকৰিলে বুলি তেওঁ উল্লেখ কৰে ৷
লগতে, জিএছ ৰোডত থকা ৰাজীৱ ভৱনটো প্ৰয়াত হিতেশ্বৰ শইকীয়াই দুই কোটি টকাৰে ক্ৰয় কৰাৰ কথা উল্লেখ কৰি এই টকা ক'ৰ পৰা আহিছিল সেই হিচাপ বিজেপিয়ে নকৰে বুলি মন্তব্য কৰে বিজেপি মুখপাত্ৰ দত্তই ৷ শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ অধিকাংশ কাৰ্যালয় চৰকাৰী মাটি দখল কৰি বা এলট লৈ নিৰ্মাণ কৰা বুলিও অভিযোগ কৰে বিজেপি নেতাজনে ৷
লগতে পঢ়ক: Pijus Hazarika Vs Bhupen Borah: কংগ্ৰেছে হেনো আনৰ টকা মাৰি খাবলৈহে শিকায়
ইফালে, গুৱাহাটীৰ ৰাজধানী প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী মাটি দখল কৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স নিৰ্মাণ কৰাৰো গুৰুতৰ অভিযোগ তোলে সুভাষ দত্তই ৷ তেওঁ লগতে কয় যে, বিজেপিৰ প্ৰতিজন মন্ত্ৰীয়ে নিজৰ দৰমহাৰ পৰা প্ৰত্যেক মাহতে ২৫ হাজাৰ টকা আগবঢ়ায় দলৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৷
বিজেপিৰ প্ৰতিজন বিধায়কে নিজৰ দৰমহাৰ পৰা প্ৰতি মাহতে দলৰ পূঁজিলৈ দহ হাজাৰ টকা আগবঢ়ােৱাৰ কথাও উল্লেখ কৰে দত্তই (Subhash Dutta on Akhil Gogoi) ৷
ইয়াৰ লগতে, অখিল গগৈৰ মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে সুভাষ দত্তই ৷ চৰকাৰী ভূমি আৱন্টন ল’ব নালাগে বুলি কোৱা অখিল গগৈয়ে কিয় নিজৰ নামত কাজিৰঙাত অৰ্কিড পাৰ্ক খুলিলে বুলি শিৱসাগৰৰ বিধায়কগৰাকীক উভতি ধৰে বিজেপিৰ মুখপাত্ৰজনে ৷ আনকি আৱন্টন পোৱা মাটিতকৈয়ো অখিল গগৈয়ে প্ৰায় ৮ বিঘা মাটি বেদখল কৰি লোৱা বুলিও অভিযোগ কৰে দত্তই ৷ যিজনে অৰ্কিড পাৰ্ক খুৱিবৰ বাবে মাটি বেদখল কৰে, তেওঁলোকেই বিজেপিৰ কাৰ্যালয়ৰ বাবে মাটি আৱন্টন লোৱাৰ বিৰোধিতা কৰে বুলি অখিল গগৈক কটাক্ষ কৰে বিজেপি নেতাজনে ৷
সুভাষ দত্তই কয় যে, এওঁলোক নৈতিকতাবিহীন আৰু ৰাজনৈতিক সৌজন্যতাবোধ নথকাৰ বাবেই এই ধৰণৰ কথা বতৰা কৈ আছে ৷ ড৹ হিমন্তবিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমক আগবঢ়াই নিয়াৰ লগতে আগন্তুক দিনতো এই ধাৰা অব্যাহত থাকিব ৷ আহি থকা দিনৰ নিৰ্বাচনবোৰত কংগ্ৰেছৰ ভোটৰ সংখ্যা কমি কমি গৈ থাকিব বুলিও উল্লেখ কৰে দত্তই ৷
আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাস কৰা ভোগপুৰ তিনি আলিৰ ৱাৰ্ডটোতে কংগ্ৰেছক জিকি দেখুৱাবলৈও ভূপেন বৰাক প্ৰত্যাহ্বান জনাই বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই ৷
লগতে পঢ়ক: Notice to Bhupen Borah: প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ গুৱাহাটী পৌৰ নিগমৰ জাননী