ETV Bharat / state

টোলগেটক লৈ অসন্তুষ্ট ভৱানীপুৰবাসী

author img

By

Published : Nov 8, 2021, 11:21 AM IST

ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ৰ গলিয়াৰ টোলগেট(Tollgate) নিৰ্মাণৰ কাম সমাপ্ত ৷ এতিয়াৰে পৰা বিজনী, গলিয়া আৰু মদনপুৰত তিনিবাৰকৈ ভৰিব লাগিব টোল টেক্স(Toll Tax) ৷ অসন্তুষ্টি প্ৰকাশ সমষ্টিবাসীৰ ৷

bhawanipur residents unhappy with tollgate
টোলগেটক লৈ অসন্তুষ্ট ভৱানীপুৰবাসী

পাঠশালা, 8 নৱেম্বৰ : ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ৰ অন্তৰ্গত গলিয়াত সমাপ্ত হৈছে টোলগেট(Tollgate) নিৰ্মাণৰ কাম ৷ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যাবলৈ হ’লে এতিয়াৰে পৰা বিজনী, গলিয়া আৰু মদনপুৰত তিনিবাৰকৈ ভৰিব লাগিব টোল টেক্স(Toll Tax) ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত টোলগেট নিৰ্মাণক লৈ ইতিমধ্যে স্থানীয় দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ কিয়নো এই টোলগেটৰ কৰে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাব ৷ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হ’বলৈ এতিয়া তিনিবাৰকৈ ভাবিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷

টোলগেটক লৈ অসন্তুষ্ট ভৱানীপুৰবাসী

এফালে পে’ট্ৰল-ডিজেলৰ আকাশলংঘী মূল্য, আনফালে ৰাষ্ট্ৰীয় ঘাইপথত টোলগেটৰ টোল মাচুলে চিন্তিত কৰি তুলি জনসাধাৰণক ৷ গলিয়া টোল প্লাজাত চাৰিচকীয়া লঘু বাহনে এবাৰত 40 টকা, লঘু বাণিজ্যিক বাহনে 60 টকা আৰু বাছ-ট্ৰাকে ভৰিব লাগিব 135 টকা ।

নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত গধুৰ বাহনে আদায় দিব লাগিব 210 টকা ৷ আনহাতে, হাউলী-কালজাৰৰ পৰা পাটাছাৰকুছিলৈ 27.3 কিল’মিটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে এই টেক্স ধার্য কৰা হ’ব ৷ কিন্তু মন কৰিবলগীয়া যে, বিগত 16 টা বছৰে এই পথচোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল ৷

শেহতীয়াকৈ উপ-নিৰ্বাচন(Bypolls)ৰ ফলাফলত ভৱানীপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ(Phanidhar Talukdar)য়ে ৷ নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে সমষ্টিটোত বিজেপি মিত্ৰজোঁট চৰকাৰৰ এই পদক্ষেপে এতিয়া আচম্বিত কৰি তুলিছে ভৱানীপুৰবাসীক ৷

লগতে পঢ়ক : সন্দেহজনক নগা দুৰ্বৃত্তৰ উপদ্ৰৱ : লুটি নিলে দহটাকৈ ম’হ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.