ETV Bharat / state

কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প

চীন, ভিয়েটনাম, জাপান, ভূটান, ম্যানমাৰ, থাইলেণ্ড আৰু নেপালৰ সৈতে প্ৰভূত ব্যৱসায়িক সম্পৰ্ক থকা সৰ্থেবাৰীৰ কাঁহশিল্পটোৰ প্ৰতি মহামাৰী কৰ'ণাই কঢ়িয়াইছে ভাবুকি ৷ কেৱল মাত্ৰ কাঁহ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি পেটৰ ভাত মোকোলোৱা সৰ্থেবাৰীৰ প্ৰায় তিনিশখন গঢ়শালৰ সৈতে জৰিত প্ৰায় দুহাজাৰ কাঁহশিল্পীৰ জীৱনলৈয়ো নামি আহিছে ভাবুকি ৷ অসম আৰু অসমীয়া জাতিৰ থলুৱা শিল্পৰ গৌৰৱময় ঐতিহ্য বহন কৰি অহা সৰ্থেবাৰীৰ কাঁহ শিল্পৰ শিল্পী সকল এতিয়া সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটৰ ৷

author img

By

Published : Jun 22, 2021, 2:25 PM IST

bell metal artist plight in the second wave of corona
কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প

বৰপেটা,22 জুন: ক'ভিড ১৯(Covid-19) ৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা জটিল পৰিস্থিতিত জুৰুলা অসমৰ ক্ষুদ্ৰ উদ্যোগ। চৰকাৰে জাৰি কৰা আংশিক ল'ক ডাউনে কৰ'ণা সংক্ৰমণ হ্ৰাস কৰিছে যদিও আৰ্থিকভাৱে কোঙা কৰিছে বহু পৰিয়ালক । বিগত বছৰৰ পৰা কৰ'ণা সংক্ৰমণ ৰুধিবলৈ চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ ফলত লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগ সমূহ। বহু উদ্যোগৰ লগতে অসমীয়া লোক-সংস্কৃতিৰ পৰিচয় বহন কৰা কাঁহ শিল্পলৈয়ো কৰ'ণাই নমাই আনিছে অশনি সংকেত ৷

চীন, ভিয়েটনাম, জাপান, ভূটান, ম্যানমাৰ, থাইলেণ্ড আৰু নেপালৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা সৰ্থেবাৰীৰ কাঁহশিল্পটোৰ প্ৰতি মহামাৰী কৰ'ণাই এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে উদ্যোগটোৰ প্ৰতি ৷ অতীজৰে পৰা সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি অহা বৰপেটাৰ বিখ্যাত কাঁহ শিল্পৰ সমগ্ৰ বিশ্বতে আছে এক সুকীয়া পৰিচয় ৷ বিগত বছৰৰ পৰা সাতামপুৰুষীয়া এই উদ্যোগতো বন্ধ হৈ থকাত আৰ্থিকভাৱে সংকিত হৈ পৰিছে কঁহাৰ সকল ৷

কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প

কেৱল মাত্ৰ কাঁহ ব্যৱসায়েৰে পেটৰ ভাত মোকোলোৱা সৰ্থেবাৰীৰ প্ৰায় তিনিশখন গঢ়শালৰ সৈতে জৰিত প্ৰায় দুহাজাৰ কাঁহশিল্পীৰ জীৱনলৈয়ো নামি আহিছে ভাবুকি ৷ অসম আৰু অসমীয়া জাতিৰ থলুৱা শিল্পৰ গৌৰৱময় ঐতিহ্য বহন কৰি অহা সৰ্থেবাৰীৰ কাঁহ শিল্পৰ শিল্পী সকল এতিয়া সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটৰ ৷ ক্ৰমাৎ যেন কৰ'ণাই গ্ৰাস কৰিছে উদ্যোগটো ৷

বিগত বছৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কাঁহ শিল্পী সকলৰ বাবে 1 কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল যদিও 50% ধন মুকলাই দি বাকীখিনি নিদিয়াত ক্ষোভিত হৈ পৰিছে উদ্যোগটোৰ লগত জড়িত লোকসকল ৷ সম্প্ৰতি অনাদায় ধন মোকলাই দিয়াৰ লগতে এই উদ্যোগতো পুনৰোজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে কঁহাৰ সকলে ৷

লগতে পঢ়ক: প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.