ETV Bharat / state

বাৰিষাৰ পূৰ্বেই চপৰা চপৰে খহিছে বেকী নৈৰ গৰা

author img

By

Published : May 12, 2020, 12:27 PM IST

বাৰিষাৰ পূৰ্বেই বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টাকাকাটা গাঁৱত চপৰা চপৰে খহিব ধৰিছে বেকী নৈৰ গৰা । জিলা প্ৰশাসন তথা জন প্ৰতিনিধিক ৰাইজে স্থায়ী প্ৰতিৰোধৰ বাবে আবেদন জনাই আহিছে যদিও, আজিলৈ কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।

beki river erosion in jania
beki river erosion in jania

জনিয়া, 12 মে': বাৰিষাৰ আৰম্ভণিৰ লগে লগেই চপৰা চপৰে খহিব ধৰিছে বেকী নৈৰ গৰা । নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে ৰাইজৰ সপোনৰ ঘৰ, আশাৰ শইচ । বাৰিষাৰ পূৰ্বেই বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টাকাকাটা গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বেকী নৈৰ খহনীয়াই ।

চপৰা চপৰে খহিছে বেকী নৈৰ গৰা

শংকিত ৰাইজে এতিয়া নিজেই হাতে হাতে দা, ৰছী লৈ বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উল্লেখ্য যে, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত টাকাকাটা আৰু জনিয়া সমষ্টিৰ জাউৰিমাৰীত, দীৰ্ঘদিনৰ পৰাই চলি আহিছে গৰাখহনীয়াৰ ধ্বংস যজ্ঞ । সোনাবাড়ীৰ পৰা চতলালৈ স্থায়ী প্ৰতিৰোধৰ বাবে দীৰ্ঘদিনৰ পৰাই বৃহত্তৰ অঞ্চলৰ ৰাইজে, জিলা প্ৰশাসন তথা জন প্ৰতিনিধিক দাবী জনাই আহিছে যদিও, আজিলৈ কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । অৱশ্যে মন্দিয়া খণ্ড উন্নয়ন বিষয়া নৱকুমাৰে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি, খহনীয়া ৰোধৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ কৃষকলৈ সাহাৰ্য বিচাৰি আৱেদন বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.