ETV Bharat / state

জনীয়াত খহনীয়াৰ কালৰূপঃ খহনীয়াৰ কৱলত পৰিছে বেকী দলঙৰ গাইড বান্ধ

author img

By

Published : Sep 7, 2022, 2:02 PM IST

জনীয়াত অব্যাহত খহনীয়াৰ তাণ্ডৱ(Continued erosion in Jania) । এইবাৰ শওঁপুৰত বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত বেকী দলঙৰ গাইড বান্ধ(Beki bridge guide dam in grip of erosion) । কেইবাটাও পৰিয়াললৈ নামিছে অশনি সংকেত ।

beki bridge guide dam in grip of erosion
জনীয়াত খহনীয়াৰ কালৰূপঃ খহনীয়াৰ কৱলত পৰিছে বেকী দলঙৰ গাইড বান্ধ

জনীয়া, ৬ ছেপ্তেম্বৰ: জনীয়াত বৰ্তমানেও অব্যাহত খহনীয়াৰ তাণ্ডৱ(Continued erosion in Jania) । নিতৌ গৃহহাৰা হৈছে শ শ পৰিয়াল(Hundreds of families affected by erosion) । এইবাৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে এখন দলঙলৈ । জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰৰ বিকল্প ৰাজ্যিক ঘাই পথৰ বেঁকী নৈৰ ওপৰত থকা কৰাৰকুৰ বেকী দলংৰ গাইড বান্ধ সম্প্ৰতি বেকী নৈৰ গৰাখহনীয়াৰ কৱলত(Beki bridge guide dam in grip of erosion) ।

বিগত বছৰত বেকী নৈৰ খহনীয়াৰ কৱলত পৰি দলংখনৰ প্ৰায় ৭০% বেকী নৈৰ বুকুত জাহ গৈছিল । পুনৰ বিগত কেইবাদিনো ধৰি হৈ থকা গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত এইবাৰ দলংখন সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত । ইফালে শওপুৰ গাঁৱৰ গৰাখহনীয়াত ৫০ টা পৰিয়াল নৈৰ বুকুত জাহ গৈছে ।

উল্লেখ্যে যে, একাংশ ভূ-মাফিয়াই অবৈধভাবে বালি খনন কৰাৰ ফলত বেকী নদীৰ সুঁতিত খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । একে কাৰণতে চপৰা চপৰে গৰা খহি দলঙৰ গাইড বান্ধ বেকী নদীৰ বুকুত নিশ্চিহ্ন হ'বলৈ গৈ আছে বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে ।

যদি শীঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেন্তে খহনীয়াই ৰাজ্যিক ঘাইপথৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । সেয়ে বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক: চিকিৎসালয়ৰ পৰা সন্ধানহীন হোৱা এগৰাকী কন্যাৰ সম্ভেদ লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.