ETV Bharat / state

Beating incident: কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত মাৰপিটৰ ঘটনা - কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত মাৰপিটৰ ঘটনা

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত চাৰিজনকৈ লোক(Husband assaults wife and child) ।

beating incident in kalgachia
কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত মাৰপিটৰ ঘটনা
author img

By

Published : Oct 23, 2022, 1:59 PM IST

কলগাছিয়া,২৩ অক্টোবৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাত গুৰুত্বৰ ভাবে আহত চাৰিজনকৈ লোক । জানিব পৰা মতে বালিকুৰি এন চি গাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যক্তিগৰাকীয়ে পৰকীয়া প্ৰেমৰ সন্দেহত পূৰ্বৰে পৰা পত্নী সূৰ্য ভানুক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ।

কিন্তু, সীমা চেৰাই গৈ শনিবাৰে মাজনিশা ১ বজাত ৰফিকুলে পত্নী সূৰ্য ভানুক পৰকীয়া প্ৰেমৰ সন্দেহত কাঠৰ বাটামেৰে কোবোৱাৰ লগতে কন্যা ৰুমিনা আকতাৰ, পুত্ৰ শফিকুল ইছলাম, শফিউৰ ৰহমান আৰু পুত্ৰ আৰিফুল ইছলামক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ঘৰৰ পৰা পলায়ন কৰে(Husband assaults wife and child) ।

ঘটনাৰ খবৰ পাই ওচৰ-চুবুৰীয়াই ১০৮ এম্বুলেন্সেৰে আহত আটাইকে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায ৷ কিন্তু ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয় ।

কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত মাৰপিটৰ ঘটনা

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছমুহুৰ্ততে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । এতিয়া আৰক্ষীয়ে পলাতক ৰফিকুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ।

লগতে পঢ়ক: Minor boy missing in Lanka station: পুত্ৰ ৰবিক বিচাৰি পিতৃ-মাতৃয়ে খাইছে হাবাথুৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.