ETV Bharat / state

Land Dispute : কলগাছিয়াত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

কলগাছিয়াৰ উদমাৰি গাঁৱত এডোখৰ মাটিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট । মাটিডোখৰত এটা পক্ষৰ লোকে তামোল গছ ৰোৱাত বাধা দিয়ে আন পক্ষই ৷ যাৰ ফলস্বৰূপে দুই পক্ষৰ মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এই কাজিয়া অৱশেষত গৈ প্ৰচণ্ড মাৰপিটৰ ৰূপ লয় ৷

tensed situation for land dispute at kalgachia
কলগাছিয়াত মাৰপিট
author img

By

Published : Nov 18, 2021, 2:02 PM IST

জনীয়া, 18 নৱেম্বৰ : কলগাছিয়া আৰক্ষী থানা(Kalgachia Police Station)ৰ অন্তৰ্গত উদমাৰি গাঁৱত বুধবাৰে দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট । এডোখৰ মাটিক কেন্দ্ৰ কৰি এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি, উদমাৰি গাঁৱৰ নিৱাসী ছোৰহাব আলী নামৰ লোকজনৰ এডোখৰ মাটি ভনী জোঁৱাই ৰমজান আলীয়ে বেদখল কৰাৰ চেষ্টা চলাইছিল ।

ইয়াৰ পাচতে ছোৰহাব আলীয়ে ৰমজানক বাধা প্ৰদান কৰাত দুয়োপক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হৈ অৱশেষত এই কাজিয়া প্ৰচণ্ড মাৰপিটলৈ ৰূপান্তৰিত হয় ৷ জানিব পৰা মতে, সেই মাটি ডোখৰত তামোল গছ ৰোপণ কৰিছিল ছোৰহাব আলীয়ে ৷ কিন্তু ভনী জোঁৱাই ৰমজান আলীয়ে গছ কেইডাল উঠাই দিয়াক কেন্দ্ৰ কৰি এই কাজিয়াৰ সৃষ্টি হয় ।

কলগাছিয়াত মাৰপিট

মাটি ডোখৰ ছোৰহাব আলীৰ নামত থকাৰ পাচতো ৰমজানৰ মাটি বুলি দাবী কৰি আহিছিল ৰমজানে । যাৰ ফলস্বৰূপে দ্বিতীয় পক্ষ ক্ৰমে ৰমজান আলী, আনোৱাৰ হুছেইন, বাৰেক, আমিনা, ৰমিছা, জাহিদাৰ লগতে 12 জনীয়া এটা দলে হাতে হাতে দা, লাঠী আৰু চোকা অস্ত্ৰ লৈ প্ৰথম পক্ষৰ ছোৰহাব আলী, ইছমাইল, ছুৰিয়া খাতুন আৰু কুলছুমক মাৰপিট কৰে ৷

ৰমজান আলীৰ দলে কৰা মাৰপিটৰ ফলত ছোৰহাব আলী পক্ষৰ চাৰিজনকৈ লোক আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে আহতসকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ছোৰহাব আলীৰ অৱস্থা অতি সংকটজনক ৷ ইফালে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছোৰহাব আলীৰ পৰিয়ালে ৷

লগতে পঢ়ক : শিৱসাগৰত আৰক্ষীৰ বাহনত আক্ৰমণ উত্তপ্ত জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.