ETV Bharat / state

কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো - বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এগৰাকী গতিশীল নেতা । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে উন্নতিৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়ি যাব- এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

bct-chief-pramod-boro-visited-nasatra
নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো
author img

By

Published : May 12, 2021, 6:28 PM IST

বৰপেটা,১২ মে’: বৰপেটা জিলাৰ নসত্ৰস্থিত আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত বুধবাৰে উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । আশ্ৰমত উপস্থিত হৈ পৰম গুৰু কৃষ্ণগুৰু প্ৰভুৰ আশীৰ্বচন লাভৰ বাবে সেৱা কৰাৰ লগতে গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰে বিটিআৰ প্ৰধানগৰাকীয়ে ।

ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কয় যে, নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এগৰাকী গতিশীল নেতা । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে উন্নতিৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়ি যাব । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জাতি-জনজাতিৰ সকলো সমস্যা সমাধান হ'ব বুলিও আশা ব্যক্ত কৰে প্ৰমোদ বড়োৱে ।

নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ৱত নিবনুৱা সমস্যা যথেষ্ট পৰিমাণে সমাধান হ'ব বুলিও আশা প্ৰকাশ কৰে বিটিআৰ প্ৰধানগৰাকীয়ে । ইপিনে মন্ত্ৰীত্ব সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি ইউপিপিএলৰ পৰা মন্ত্ৰীসভাত দুজনে স্থান লাভ কৰিব বুলি সদৰী কৰে নেতাগৰাকীয়ে ।

আনহাতে, সমাগত ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰি সকলোকে কভিড প্ৰট'কল মানি ঈদ পালন কৰিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.