ETV Bharat / state

হোলীগীতৰ গুঞ্জনত মুখৰিত বৰপেটা

author img

By

Published : Mar 21, 2019, 6:56 AM IST

হোলীগীতৰ গুঞ্জনত মুখৰিত বৰপেটাৰ আকাশ-বতাহ দৌল উৎসৱ উপলক্ষে বৰপেটাত হোলীগীত প্ৰতিযোগিতা

বৰপেটা,20 মাৰ্চ: হোলীৰ ৰোল উঠিছে সত্ৰনগৰী বৰপেটাত ৷ বৰপেটাৰ আকাশে-বতাহে এতিয়া ধ্বনিত হৈছে কেৱল হোলীগীতৰ অমিয়া সুৰ ৷ শ্ৰীকৃষ্ণৰ দৌল উৎসন উপলক্ষে বৰপেটাত দেখা গৈছে উখল মাখল পৰিৱেশ ৷ বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে বৰপেটা সত্ৰত ৷ আনহাতে, স্থানীয় ৰাইজিং ক্লাৱৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হয় এক ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগিতা ৷ "বাটে বাটে হোলীগীত" শীৰ্ষক এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰে সত্ৰ নগৰীখনৰ ৰাজপথ ৷

বুধবাৰে বৰপেটা সত্ৰৰ দালানৰ সন্মূখত সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই উদ্বোধন কৰে হোলীগীত প্ৰতিযোগিতাখনি ৷ অনুষ্ঠানত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ লগতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা যতীন বৰা, কণ্ঠ শিল্পী জুবলী বৰুৱা, অভিনেত্ৰী সুনিতা কৌশিক আৰু নৱনীতা শৰ্মাই ৷ হোলীগীত প্ৰতিযোগিতাখনি উদ্বোধনৰ পিচতে অংশগ্ৰহণকাৰী দল সমূহে বাটে বাটে হোলী গীত পৰিবেশন কৰি বৰপেটা চহৰৰ মূল পথেৰে পৰিভ্ৰমণ কৰে ৷ এই সময়চোৱাত বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য ,মন প্ৰাণ উতলা কৰা পৰিবেশ ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাকো বাৰ্দ্ধক্যক নেওচি মনৰ উলাহ-আনন্দেৰে হোলীগীত গাই কৃষ্ণপ্ৰেমত মতলীয়া হৈ পৰা দেখা যায় ৷

দৌল মহোৎসৱৰ প্ৰথম দিনটোত ৰাইজিং ক্লাৱে আয়োজন কৰা "বাটে বাটে হোলী গীত" শীৰ্ষক প্ৰতিযোগিতাখনে বৰপেটাৰ দৌল মহোৎসৱক এক অনন্য ৰূপ প্ৰদান কৰা পৰিলক্ষিত হয় ৷

BARPETA'S ATMOSPHERE NOW SMELLS OF HOLIGEET

হোলীগীতৰ গুঞ্জনত মুখৰিত বৰপেটাৰ আকাশ-বতাহ
দৌল উৎসৱ উপলক্ষে বৰপেটাত হোলীগীত প্ৰতিযোগিতা

noname.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.