জনীয়া, 19 নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াৰ এগৰাকী ৫০ বছৰীয়া মহিলা নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে । প্ৰায় এবছৰ ধৰি নিৰুদ্দেশ হৈ আছে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ ছালেহা খাতুন নামৰ ৫০ বছৰীয়া মহিলাগৰাকী ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি সন্ধানহীন হোৱা মহিলাগৰাকী মানসিক ভাৱে বিকাৰগ্রস্ত আছিল। কোনোবা হৃদয়বান ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰিলে 9101911218 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ।
লগতে পঢ়ক: নলবাৰীত কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক সোঁৱৰণ