বৰপেটা, ২৭ এপ্ৰিল: ৰাজ্যত এতিয়া মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে ক'ভিড প্ৰট'কল বান্ধি দিছে ৷ প্ৰ'ট'কল অমান্য কৰা সকলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰি আহিছে কঠোৰ ব্যৱস্থা ৷ বিশেষকৈ যাত্ৰীবাহী বাহন সমুহৰ চালক-পৰিচালকসকলে মাস্ক পৰিধান নকৰা আৰু বাহনত যাত্ৰী উঠোৱাৰ ক্ষেত্ৰত ক'ভিড প্ৰট'ক'ল অমান্য কৰা বাহন সমুহৰ বিৰুদ্ধে বৰপেটা পৰিবহণ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰে ৷
অত্যধিক যাত্ৰী উঠোৱা বাহন সমূহৰ বিৰুদ্ধে পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসে সোমবাৰে এক অভিযান চলাই টেম্প', অটো, ই-ৰিস্কা আদিকে ধৰি প্ৰায় অৰ্ধ শতাধিক বাহন জব্দ কৰে ৷ শেহতীয়াভাৱে যান বাহন চলাচলৰ ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে ঘোষণা কৰা ক'ভিড প্ৰট'কল মানি চলিবলৈ আৰু চালকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বাহন সমুহ জব্দ কৰে পৰিবহণ বিভাগে ৷