ETV Bharat / state

জেঠৰ পৰা হ্ৰাস পাব কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ - বৰপেটা সত্ৰৰ বৰ্ষফল

সদৌ অসম ছাত্ৰ সন্থাৰ বাবে নতুন বছৰটো শুভ নহয় ৷ জাতীয় সমস্যাৰ ক্ষেত্ৰত ছাত্ৰসন্থা ব্যৰ্থতাৰ কাৰক হিচাপে চিহ্নিত হ'ব ৷ "দৈৱজ্ঞ"

বৰপেটা সত্ৰ
বৰপেটা সত্ৰ
author img

By

Published : Apr 14, 2020, 4:25 PM IST

Updated : Apr 14, 2020, 5:46 PM IST

বৰপেটা, ১৪ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ জেঠৰ শেষৰ পৰ্যায়ৰ পৰা কিছু কমিব ৷ লগতে নৱেম্বৰৰ 10 তাৰিখৰ ভিতৰত এই মহামাৰীৰ অন্ত পৰিব ৷ কৰ'ণাৰ প্ৰভাৱৰ পৰা শীঘ্ৰে মুক্ত হোৱাৰ বাবে প্ৰতি শনিবাৰে বিশ্ববাসীক তুলসী তলত তিল তেলৰ চাকি জ্বলোৱাৰ বিধান দিয়ে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে ৷ পূৰ্ব পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত এইবেলি অনুষ্ঠিত কৰা নহ'ল বিহু গণনা ৷ লক ডাউনৰ বাবে সত্ৰখনৰ বিহু গণনা বাতিল কৰি, সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰে ৷

সংবাদ মেলত দৈৱজ্ঞগৰাকীয়ে অসমৰ লগতে দেশৰ ৰাজনীতি সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰে ৷ তেওঁ কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভ দশা চলি থাকিব ৷ সৰ্বানন্দ সোণোৱালৰ জন্ম লগ্নত শনি, মংগল আৰু বৃহস্পতি অৱস্থান কৰা বাবে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বছৰটো শুভ আৰু ৰাজনৈতিকভাৱে শুভফল লাভৰ যোগ আছে ৷ সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি ৰাজ্যখনৰ ৰাজনৈতিক নেতাসকলৰ বৰ্ষফল গণনা অনুসৰি সৰ্বানন্দ সোণোৱালৰ ভাগ্যফল শুভ আৰু তেওঁ শ্ৰেষ্ঠ ফল লাভ কৰিছে বুলি জনাই দৈৱজ্ঞগৰাকীয়ে ৷ সেয়ে 2021 চনত ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰে ত্ৰিদীপ শৰ্মা দলৈয়ে ৷ অৱশ্যে সৰ্বানন্দ সোণোৱালৰ শাৰিৰীক, মানসিক কষ্টৰ যোগ থকাৰ কথাও ব্যক্ত কৰে দৈৱজ্ঞই ৷

বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈ

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মলগ্ন অনুসৰি বৃহস্পতিৰ যোগ চলি আছে বুলি উল্লেখ কৰি তেখেতে বছৰটোত উত্তম পক্ষৰ শ্ৰেষ্ঠ ফল লাভ কৰাৰ লগতে সমগ্ৰ বিশ্বতে তেওঁৰ বাবে মান সন্মান বৃদ্ধি পাব বুলিও প্ৰকাশ কৰে ৷ আনকি দেশৰ আৰ্থিক দুৰৱস্থা আৰু খাদ্য সংকট সত্বেও নৰেন্দ্ৰ মোডীৰ শুভফল দেশখনে লাভ কৰিব বুলি সদৰি কৰে সত্ৰৰ দৈৱজ্ঞগৰাকীয়ে ৷

ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে নতুন বছৰটো শুভ নহয় বুলি প্ৰকাশ কৰি জাতীয় সমস্যাৰ ক্ষেত্ৰত ছাত্ৰসন্থা ব্যৰ্থতাৰ কাৰক হিচাপে চিহ্নিত হ'ব বুলিও প্ৰকাশ কৰে দৈৱজ্ঞগৰাকীয়ে ৷ আনহাতে দেশত জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱাৰ কথা ব্যক্ত কৰে দৈৱজ্ঞগৰাকীয়ে ৷ সপ্তমত শনিৰ প্ৰভাৱ দেশৰ বাবে ক্ষতিকাৰক আৰু জেহাদী কাৰ্যকলাপ বৃদ্ধিৰ সংকেত বুলি জানিবলৈ দিয়ে ত্ৰিদিপ শৰ্মা দলৈয়ে ৷

Last Updated : Apr 14, 2020, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.