ETV Bharat / state

বৰপেটা সত্ৰত থিয় নাম পৰ্বৰে সামৰণি পৰিল সাতবিহু - সাতবিহু

দেওবাৰে বৰপেটাত থিয় নাম প্ৰসংগৰে সামৰণি পৰে সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে সাতদিনীয়াকৈ পালন কৰা ব'হাগ বিহু

বৰপেটা সত্ৰত থিয় নাম পৰ্বৰে সামৰণি পৰিল সাতবিহু
author img

By

Published : Apr 22, 2019, 11:29 AM IST

নিউজ ডেক্স,২২ এপ্ৰিলঃ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হয় বৰপেটাৰ প্ৰতিটো উৎসৱ, অনুষ্ঠান তথা তিথি -পাৰ্বণ ৷ বৰপেটাত সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে সাতদিনীয়াকৈ পালন কৰা ব'হাগ বিহুৰ দেওবাৰে সামৰণি পৰে থিয় নাম প্ৰসংগৰে । বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হোৱা সাত বিহুৰ থিয় নামত অংশগ্ৰহণ কৰে অসংখ্য ভক্ত বৈষ্ণৱে ।

বৰপেটা সত্ৰত থিয় নাম পৰ্বৰে সামৰণি পৰিল সাতবিহু

গৰু বিহুৰ পৰা আৰম্ভ হোৱা সাতদিনীয়া ব'হাগ বিহু পালনৰ ক্ষেত্ৰত বৰপেটাত আছে কিছু সুকীয়া পৰম্পৰা ৷ বৰপেটাত বিহু পালনৰ ক্ষেত্ৰতো সত্ৰীয়া ৰীতি আৰু পৰম্পৰাক মানি চলা হয় ৷ বৰপেটাত বৈহাগৰ দোমাহী হিচাপে পৰিচিত ব'হাগ বিহুৰ দেওবাৰে আছিল সাতবিহু ৷ দেওবাৰে চেৰা বিহুৰ পৰম্পৰা অনুসৰিয়েই সন্ধিয়া বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হয় বিৰাট থিয় নাম।বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে ডেকাসত্ৰীয়া প্ৰমুখ্যে ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় থিয় নাম। সাত বিহুৰ সামৰণী উপলক্ষে অনুষ্ঠিত এই থিয় নামৰ সৈতে জড়িত আছে বৰপেটা সত্ৰৰ বহু বিশেষত্ব ৷ উল্লেখ্য যে ,এই থিয় নামৰ বাবে ব্যৱহাৰ কৰা চন্দ্ৰতাপখনৰো আছে বিশেষ গুৰুত্ব ।

Slug:      A_BAR_22APR_801TO804_BARPETA_SATRA_NAAM_SAAT_BIHU_VIS+BITE+PHOTO_BAPKAN_DAS.                              

বৰপেটা সত্ৰত ঠিয় নাম পৰ্বৰে সামৰণি পৰিল সাত বিহুৰ ৷

বৰপেটা, ২২ এপ্ৰিলঃ বৰপেটাৰ  প্ৰতিটো উৎসৱ, অনুষ্ঠান, তিথি -পাৰ্বন আদি অনুষ্ঠিত হয় সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা অনুসৰি ৷ বৰপেটাত সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে  সাতদিনীয়াকৈ পালন কৰা ব'হাগ বিহুৰ দেওবাৰে সামৰণি পৰে ঠিয় নাম প্ৰসংগৰে ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হোৱা সাত বিহুৰ ঠিয় নামত অসংখ্য ভক্ত বৈষ্ণৱে অংশগ্ৰহন কৰে ৷  
বৰপেটাৰ সাতবিহুৰ নাম সম্পৰ্কে আমি চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

গৰু বিহুৰ পৰা আৰম্ভ হোৱা সাতদিনীয়া বহাগ বিহু পালনৰ ক্ষেত্ৰত বৰপেটাত আছে কিছু সুকীয়া পৰম্পৰা ৷ বৰপেটাত বিহু পালনৰ ক্ষেত্ৰতো সত্ৰীয়া ৰীতি আৰু পৰম্পৰাক মানি চলা হয় ৷ বৰপেটাত বৈহাগৰ দোমাহি হিচাপে পৰিচিত ব'হাগ বিহুৰ দেওবাৰে আছিল সাতবিহু ৷ দেওবাৰে বিহু বাজ হৈছে বৰপেটাত ৷ বিহু বাজ হোৱা বা চেৰা বিহুৰ পৰম্পৰা অনুসৰিয়েই দেওবাৰে সন্ধিয়া বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হয় বিৰাট ঠিয় নাম ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষিট শৰ্মাৰ লগতে ডেকাসত্ৰীয়া প্ৰমুখ্যে ভকত বৈষ্ণৱৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হয় ঠিয় নাম ৷ সাতবিহুৰ সামৰনি উপলক্ষে অনুষ্টিত  এই ঠিয় নামৰ সৈতে জড়িত আছে বৰপেটা সত্ৰৰ বহু বিশেষত্ব ৷ এই ঠিয় নামৰ বাবে যিখন চন্দ্ৰতাপ ব্যৱহাৰ কৰা হয় তাৰো আছে বিশেষ গুৰুত্ব ৷ আনহাতে থিয় নাম উপলক্ষে মাহ প্ৰসাদৰ সলনি ভক্তসকলৰ মাজত প্ৰসাদ হিচাপে আগবঢ়োৱা হয় গুৰ, চেনি আৰু গুৱামুৰি ৷ সাত বিহুৰ এই ঠিয়নামত উপস্থিত হৈ সেৱা জনাব নোৱাৰাটো বৰপেটাবাসীৰ বাবে চৰম দূৰ্ভাগ্য হিচাপে পৰিগনিত হয় ৷ সাত বিহুৰ নামৰ এই পৰম্পৰা আৰু ইয়াৰ বিশেষত্ব সম্পৰ্কে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই  কি কয় চাও আহক ৷

বাইটঃ বশিষ্ঠ শৰ্মা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.