বৰপেটা,১১ জুন : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ(Chief Minister Relief Fund) আগবঢ়ালে ২০ হাজাৰ টকা । শুকুৰবাৰে বৰপেটাৰ জিলা উপায়ুক্তৰ হাতত বুঢ়াসত্ৰীয়াগৰাকীয়ে ২০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ।
ইফালে ৰাজ্য চৰকাৰে ৰাজহুৱা ভূমি বেদখলমুক্ত কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাই বুঢ়াসত্ৰীয়াগৰাকীয়ে । বৰপেটা সত্ৰৰো সকলো ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ ৷
বিশেষকৈ বাঘবৰ সমষ্টিৰ মন্দিয়া বজাৰ, মন্দিয়া পাৰঘাট আদি বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনক ব্যৱস্থা ল'বলৈ আহ্বান জনালে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ উল্লেখ্য যে ভূমিকম্প,বান,মহামাৰী আদিৰ বাবে বাঘবৰৰ খিলঞ্জীয়া বসতিপ্ৰধান গাঁও আৰু সত্ৰ সমূহৰ পৰা একালত মানুহবোৰ আতৰি আহিবলগীয়া হৈছিল ৷ সম্প্ৰতি প্ৰায় ৯৫ শতাংশ পূৰ্ববংগীয় লোকৰ বসতি প্ৰধান বাঘবৰৰ পূৰ্বৰ সত্ৰৰ নামত থকা ভূমিসমূহ উদ্ধাৰৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াই আহ্বান জনাইছে চৰকাৰক ।
লগতে পঢ়ক:ক'ভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা