বৰপেটা, ৬ মাৰ্চঃ শুকুৰবাৰে চোৰাং গৰুৰ ব্যৱসায় বন্ধৰ দাবীত উত্তাল হৈ পৰে বৰপেটা ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে 3 ঘন্টীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰে পথ অৱৰোধ ৷ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত কংগ্ৰেছ নেতাই গৰু ব্যৱসায় চলাই থকাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷ জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথৰ অভিযোগ অনুসৰি, বিজেপি চৰকাৰৰ সহযোগত বৰপেটা ৰোডৰ কংগ্ৰেছ নেতা মোজাম্মিল হকৰ নেতৃত্বত চলি আছে গৰুৰ বেহা ৷
ইফালে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে সাব্যস্ত কৰা পথ অৱৰোধৰ ফলত ঘাইপথটোত সৃষ্টি হয় তীব্ৰ যান-যটৰ ৷ বৰপেটাৰ সীমান্তশাখাৰ ডি.এছ.পিৰ নেতৃত্বত হাউলী আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই ঘাইপথটোৰে যাতায়াত মুকলি কৰে ৷ সদস্যসকলে, বৰপেটাৰ মাজেৰে গৰুৰ সৰবৰাহ বন্ধৰ লগতে বিজেপি চৰকাৰৰ দিনত বাংলাদেশলৈ চলি থকা গো-মাতাৰ অবাধ সৰবৰাহ বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে ৷