ETV Bharat / state

বৰপেটা ৰোডত টাটা মেজিক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ - বৰপেটা ৰোড আৰক্ষী

বৰপেটা ৰোডৰ বাজেগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দূৰ্ঘটনাটোত থিতাতে নিহত স্কুটী আৰোহী লক্ষণ ঘোষ ৷

বৰপেটা ৰোডত টাটা মেজিক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ

author img

By

Published : Apr 9, 2021, 8:08 PM IST

বৰপেটা ৰোড, 9 এপ্ৰিল : শুকুৰবাৰে বৰপেটা ৰোডৰ বাজেগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দূৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হয় ৷ নিহত যুৱকজনৰ নাম লক্ষণ ঘোষ বুলি জানিব পৰা গৈছে ৷ AS28 C 4046 নম্বৰৰ টাটা মেজিক গাড়ীখনে মানাহ সংযোগী পথেৰে বৰপেটা ৰোডৰ পৰা বাজেগাঁও অভিমুখে তীব্ৰ গতিত গৈ থকা সময়ত বিপৰীত দিশৰ পৰা আহি থকা স্কুটী আৰোহীৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷

দুৰ্ঘটনা সংঘটিত কৰা মেজিৰ বাহনখন
দুৰ্ঘটনা সংঘটিত কৰা মেজিক বাহন খন

ফলত থিতাতে নিহত হয় স্কুটী আৰোহী লক্ষণ ঘোষ নামৰ যুৱকজন ৷ নিহত যুৱকজনৰ ঘৰ বৰপেটা ৰোডৰ কাটাঝাৰ গাঁৱত বুলি জানিব পৰা গৈছে ৷ বৰপেটা ৰোড আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, মানাহ সংযোগী এই পথছোৱাত কোনো ধৰণৰ গতিৰোধৰ ব্যৱস্থা কৰা নাই লোক নিৰ্মাণ বিভাগে ৷ তাৰোপৰি অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা যান বাহন সমূহক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা নথকাত উক্ত পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : এগৰাকী পলাতক লোকৰ ঘৰৰ পৰা উদ্ধাৰ পোহনীয়া জন্তু, চৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.