- বৰপেটাত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা
- শণিবাৰে বৰপেটাৰ'ডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দূৰ্ঘটনা
- যাত্ৰীবাহী টাটা মেজিক এখনে পাছফালৰ এখন 'ইয়ন' গাড়ীক খুন্দা মৰাত এই দূৰ্ঘটনা সংঘটিত
- দুৰ্ঘটনাটোত আহত হয় মুঠ 6 জনকৈ লোক
- টাটা মেজিকত অহা আহত যাত্ৰী সকল ক্ৰমে ভাৰ্গৱী পাঠক, ৰেমিনা খাতুন, ছমিৰ ইছলাম, আৰু ডিম্পী দাস
- আহত হয় 'ইয়ন' গাড়ীত অহা প্ৰাণজিৎ দাস আৰু অৰূপ দাস
- দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন টাটা মেজিকৰ চালকজন
বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা - শণিবাৰে বৰপেটাৰ'ডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা
শণিবাৰে বৰপেটাৰ'ডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা
বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা
- বৰপেটাত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা
- শণিবাৰে বৰপেটাৰ'ডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দূৰ্ঘটনা
- যাত্ৰীবাহী টাটা মেজিক এখনে পাছফালৰ এখন 'ইয়ন' গাড়ীক খুন্দা মৰাত এই দূৰ্ঘটনা সংঘটিত
- দুৰ্ঘটনাটোত আহত হয় মুঠ 6 জনকৈ লোক
- টাটা মেজিকত অহা আহত যাত্ৰী সকল ক্ৰমে ভাৰ্গৱী পাঠক, ৰেমিনা খাতুন, ছমিৰ ইছলাম, আৰু ডিম্পী দাস
- আহত হয় 'ইয়ন' গাড়ীত অহা প্ৰাণজিৎ দাস আৰু অৰূপ দাস
- দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন টাটা মেজিকৰ চালকজন
Intro:শনিবাৰে বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ যাত্ৰী কঢ়িওৱা টাটা মেজিক আৰু 'ইয়ন' গাড়ীৰ লগত এই পথ দূৰ্ঘটনা সংঘটিত হোৱাত ৬ জনকৈ যাত্ৰী আহত হয় ৷ টাটা মেজিকত থকা আহত যাত্ৰী সকল ক্ৰমে ভাৰ্গৱী পাঠক (১৬) ৰেমিনা খাতুন (১৬) ছমিৰ ইছলাম (৩৯) আৰু ডিম্পী দাস (১৬) আনহাতে 'ইয়ন' গাড়ীত থকা প্ৰাণজিৎ দাস আৰু অৰূপ দাসও আহত হয় ৷Body:আহত সকলক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও ইয়াৰে মূৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ডিম্পী দাস আৰু প্ৰাণজিৎ দাসক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ আহত ডিম্পী দাসৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷ অন্যহাতে প্ৰাণজিৎ দাসৰ ঘৰ বৰপেটাৰোডৰ বাৰাপেটাত ৷ দুৰ্ঘটনাত আহত ভাৰ্গৱী পাঠক আৰু ৰেমিনা খাতুন দুয়ো বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমীত অধ্যয়নৰত ছাত্ৰী ৷ বৰপেটাৰোডৰ পৰা AS 01DJ 2544 নম্বৰৰ ইয়ন গাড়ীখন বৰপেটা অভিমুখে গৈ আছিল ৷ একেই দিশৰ পৰা বৰপেটালৈ নম্বৰপ্লেট বিহীন টাটা মেজিক গাড়ীৰে যাত্ৰী কঢ়িয়াই নিয়া তীব্ৰবেগী টাটা মেজিক গাড়ীখনে ইয়ন গাড়ীখনক পিছফালৰ পৰা প্ৰচণ্ডজোৰত খুন্দিয়াই দিয়াত এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷ টাটা মেজিকখনৰ গতিবেগ ইমানেই তীব্ৰতৰ আছিল যে দুৰ্ঘটনা সংঘটিত হোৱাত দুয়োখন গাড়ী পথৰ পৰা ডিভাইদাৰৰ ওপৰলৈ উঠি গৈছে ৷ পথ দুৰ্ঘটনা সংঘটিত কৰি টাটা মেজিকৰ চালক জনে পলায়ন কৰে ৷ উল্লেখ্য যে ইয়ন গাড়ীখনৰ চালক প্ৰাণজিৎ দাস এছ এছ বিত কৰ্মৰত যুৱক ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059